চিটাৰা ডেস্ক,১৮ জানুৱাৰী: দীৰ্ঘদিন অপেক্ষাৰ অন্তত বিতৰ্কিত ছবি আদিপুৰুষৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হয় ৷ পৰিচালক ঔম ৰাউতে সামাজিক মাধ্যমত (adipurush movie director) ছবিখনৰ মুক্তিৰ তাৰিখ পোষ্টযোগে শ্বেয়াৰ কৰে । প্ৰথমতে ছবিখন 12 জানুৱাৰীত মুক্তিৰ মুক্তি দিয়াৰ কথা আছিল কিন্ত বিতৰ্কৰ বাবে ছবিখনৰ মুক্তিৰ দিন স্থগিত ৰখা হৈছিল(Adipurush release date postponed) । অৱশেষত ২০২৩ চনৰ ১৬ জুনত ছবিখন মুক্তিৰ দিয়া হ’ব বুলি ঘোষণা কৰে পৰিচালকগৰাকীয়ে (Adipurush New Release Date) ।
ছবিখনৰ পৰিচালক ঔম ৰাউতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা 'অদিপুৰুষ'ৰ নতুন মুক্তিৰ তাৰিখ প্ৰকাশ কৰে(movie Adipurush releases new release date) । ঔমে ইনষ্টাগ্ৰামত অদিপুৰুষৰ পোষ্টাৰখন শ্বেয়াৰ কৰি লিখে যে তেওঁ সদায় ভগৱান ৰামৰ হৈ কাম কৰিবলৈ সাজু । ভগৱান ৰামৰ গুণাগুণ প্ৰচাৰ আৰু প্ৰসাৰ কৰি মই অত্যন্ত সুখী ৷ আগন্তুক ১৫০ দিনৰ ভিতৰত ভাৰতে কালজয়ী মহাকাব্যৰ সাক্ষী হ'ব। উল্লেখ্য যে আদিপুৰুষ আইমেক্স 3D ত মুক্তি পাব ৷
ছবিখনৰ পোষ্টাৰত 'জয় শ্ৰী ৰাম' লিখাৰ লগতে পোষ্টাৰখনৰ মাজত 'শ্ৰী ৰাম কাজ কাৰিবে কো আতুৰ' হনুমান চালিছাৰ এটা শাৰীও উল্লেখ কৰা হৈছে ৷ এই ছবিখনৰ বাজেট ৫০০ কোটি টকাতকৈও অধিক বুলি জানিব পৰা গৈছে । ছবিখনত জনপ্ৰিয় অভিনেতা প্ৰভাসে ৰামৰ চৰিত্ৰত অভিনয় কৰিছে, কৃতি চাননে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ছানী সিঙে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে । প্ৰথমে ছবিখন ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও বিতৰ্কৰ বাবে ২০২৩ চনৰ ১৬ জুনত মুক্তি লাভ কৰিব ৷
উল্লেখ্য যে, ছবিখনৰ প্ৰথমটো টিজাৰ মুক্তিৰ পাছতেই দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । ছবিখনত বলীউডৰ অভিনেতা ছেইফ আলী খানে অভিনয় কৰাৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি লৈ সৃষ্টি হোৱা বিতৰ্কৰ শেষ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছিল । তদুপৰি হনুমানকে আদিকৰি গুৰুত্বপূৰ্ণ চৰিত্ৰ কেইটাক লৈও তীব্ৰ সমালোচনা কৰা হৈছিল ।