চিটাৰা ডেস্ক, 14 মে’:আজি মাতৃ দিৱস (Mothers Day special) ৷ এগৰাগী মাতৃৰ বাবে নিজৰ সন্তানৰ প্ৰতি কৰা ত্যাগ, অৱদান, মৰমৰ কোনো বিশেষ দিনৰ প্ৰয়োজন নাই যদিও মাতৃৰ বিশাল আৰু নিস্বাৰ্থ অৱদানক সন্মান জনোৱাৰ বাবে এই দিনটো মাতৃৰ নামত উৎসৰ্গা কৰা হয় ৷ ইফালে বহু জনপ্ৰিয় অভিনেত্ৰী শেহতীয়াকৈ মাতৃ হৈছে ৷ অভিনয় জগতৰ লগতে মাতৃৰ হোৱাৰ সুখো উপভোগ কৰিছে এইসকল অভিনেত্ৰীয়ে (Bollywood actors embracing motherhood)।
আহক জানো বলীউডৰ নতুন মাতৃসকলৰ বিষয়ে কিছু কথা
১/ গৌহাৰ খান
বিগ বছ ৭ ৰ বিজয়ী গৌহাৰ খান বি-টাউনৰ নতুন মাতৃ (Gauahar khan) ৷ ১০ মে’ত গৌহাৰ আৰু তেওঁৰ স্বামী জাইদ দৰবাৰ এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল । ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে এই কথা শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে (Bollywood actors celebrating mothers day) ৷
২/ বিপাশা বসু
বিপাশা আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰ’ভাৰে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনায় (Bipasha Basu) ৷ যোৱা বছৰৰ ১২ নৱেম্বৰত, বিবাহৰ ছয় বছৰৰ পাচত পিতৃ-মাতৃ হয় দুয়ো । কন্যাৰ নাম ঘোষণা কৰি অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, "১২.১১.২০২২ । দেৱী বসু সিং গ্ৰভাৰ । মাৰ প্ৰতি আমাৰ প্ৰেম আৰু তাই ঐশ্বৰিক।"