অসম

assam

ETV Bharat / entertainment

Rishab Shetty latest news:কান্তাৰা খ্যাত ঋষভ শেট্টীলৈ ম’ষ্ট প্ৰমিচিং এক্টৰৰ বঁটা

দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ম’ষ্ট প্ৰমিচিং এক্টৰৰ বঁটাৰে সন্মানিত হ’ল ঋষভ শেট্টী (most promising actor award Rishab Shetty) ৷ কানাড়া ছবিজগতৰ সীমা ভেদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰেক্ষাপটত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ঋষভে ৷ ঋষভৰ শেহতীয়া ছবি কান্তাৰাই গোটেই বিশ্বজুৰি খলকনি লগাইছিল ( Rishab Shetty latest news) আৰু বক্স অফিচত বহুত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷

rishab shetty
ঋষভ শেট্টী

By

Published : Feb 16, 2023, 11:09 AM IST

চিটাৰা ডেস্ক, 16 ফেব্ৰুৱাৰী : শেহতীয়াকৈ মুক্তি পোৱা কান্তাৰা ছবিখনৰ অভূতপূৰ্ব সফলতাৰ পিছতেই ঋষভ শেট্টীৰ নামটো বিশ্ব প্ৰেক্ষাপটত জনাজাত হৈ পৰে ( Rishab Shetty latest news) ৷ চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ঋষভ শেট্টীয়ে কান্তাৰা ছবিখনৰ জৰিয়তে কানাড়া ছবিজগতক বিশ্ব মানচিত্ৰত চিনাকি কৰাই দিলে ( Rishab Shetty film kantara) ৷

কান্তাৰা ছবিখনৰ বাবেই দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ম’ষ্ট প্ৰমিচিং এক্টৰৰ বঁটাৰে সন্মানিত হ’ল ঋষভ শেট্টী (Rishab Shetty awards) ৷ মুক্তিৰ পিছতেই গোলকীয়ভাৱে এই ছবিখনে দৰ্শক সমালোচকৰ পৰা যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয় ৷ বৰ্তমান ঋষভ কান্তাৰা 2 নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷

কানাড়া ছবিজগতৰ সীমা অতিক্ৰম কৰি ঋষভে এতিয়া নিজকে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন প্ৰকৃত তাৰকা হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে ৷ কেন্দ্ৰীয় চেঞ্চৰ ব’ৰ্ডৰ সদস্য আৰু দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ চি.ই.অ’ অভিষেক মিশ্ৰাই পত্ৰৰ জৰিয়তে এই খবৰ ঘোষণা কৰিছে ( Rishab Shetty dadasaheb phalke award) ৷

অলপতে ঋষভে কেইজনমান বিশেষ ব্যক্তিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বেংগালুৰুৰ ৰাজ ভৱনত নিশাৰ আহাৰ গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীৰে সৈতে হোৱা বাৰ্তালাপৰ সন্দৰ্ভত ঋষভে কয় যে, কানাড়া ছবিজগতকে সামৰি সমগ্ৰ মনোৰঞ্জন উদ্যোগটো সম্পৰ্কত তেওঁৰ সৈতে কথা বতৰা হয় ৷ মনোৰঞ্জন উদ্যোগটোৰ চাহিদাসমূহৰ বিষয়েও সুন্দৰকৈ বুজ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ঋষভৰ ভাষ্য অনুসৰি নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ কথাবোৰ খুব গুৰুত্ব সহকাৰে শুনে ৷

ঋষভে লগতে কয় যে তেওঁলোক সকলোৱে কান্তাৰা ছবিখনৰ সন্দৰ্ভতো নিজ নিজ মত ব্যক্ত কৰে ৷ এই ছবিখনে বিশ্বজুৰি দৰ্শকৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও আলোচনা কৰে তেওঁলোকে ৷ শেষত ঋষভে কয়, "তেওঁ আমাক সকলোকে শুভেচ্ছা জ্ঞাপন কৰে আমাৰ সংস্কৃতিক উপস্থাপন কৰি এনে এখন চিনেমা নিৰ্মাণ কৰা বাবে ৷ কথাৰ মাজত তেওঁ বহুবাৰ কান্তাৰাৰ কথা উল্লেখ কৰে, ইয়ে মনটোক প্ৰশান্তি দিছিল" ৷

ইয়াৰ পূৰ্বেও দক্ষিণৰ তাৰকা দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ৷ 2019 চনত ‘কে জি এফ চেপ্তাৰ 1’ ত নিজৰ প্ৰদৰ্শকন বাবে যশে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ৷ তাৰ পিছত 2020 চনত কিচ্চা সুদীপক ‘দাবাংগ 3’ ত কৰা অভিনয়ৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছিল ৷ এইবাৰৰ এই দাদা চাহেব ফাল্কে বঁটা প্ৰদান অনুষ্ঠান 20 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব (dadasaheb phalke international film festival 2023) ৷

লগতে পঢ়ক :Kantara Prequel: ঋষভ শেট্টীৰ কান্তাৰাখন প্ৰকৃততে মূল বিষয়টোৰ দ্বিতীয় খণ্ডহে

ABOUT THE AUTHOR

...view details