অসম

assam

ETV Bharat / entertainment

Baap movie:মুকলি হ’ল জেকী, মিথুন, সঞ্জয়, ছানী দেউল অভিনীত বাপৰ ফাৰ্ষ্ট লুক

সঞ্জয় দত্ত, ছানী দেউল, জেকী শ্ৰফ আৰু মিথুনে এতিয়া ‘বাপ’ ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দাত একেলগে খলকনি তুলিবলৈ সাজু হৈছে (Baap movie cast) । ছবিখনৰ পৰা জনপ্ৰিয় অভিনেতাকেইজনৰ প্ৰথম ৰূপ প্ৰকাশ পাইছে ।

By

Published : Nov 9, 2022, 3:51 PM IST

Baap
বাপৰ ফাৰ্ষ্ট লুক

চিটাৰা ডেস্ক, 9 নৱেম্বৰ : বয়কটবলীউড প্ৰচলন হৈ আছে যদিও বলীউডে দৰ্শকৰ বাবে আগবঢ়াই আছে নতুন নতুন কনচেপ্টৰ ছবি ৷ দক্ষিণ ছবি উদ্যোগে ভাৰতীয় চিনেমাত আধিপত্য বিস্তাৰ কৰাৰ পিছৰে পৰা হিন্দী চিনেমাত আলোড়নৰ সৃষ্টি হৈছে আৰু এতিয়া বলীউডৰ তাৰকাসকলে এই দৌৰত আগবাঢ়ি যাবলৈ নতুন আগ্ৰহী বিষয়ৰ ছবি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছে (Baap movie news)।

জনপ্ৰিয় তাৰকা সঞ্জয় দত্ত, ছানী দেউল, জেকী শ্ৰফ আৰু মিথুনে এতিয়া একেলগে ৰূপালী পৰ্দাত একেলগে ভূমুকি মাৰবলৈ ওলাইছে । এই চাৰিগৰাকী শক্তিশালী তাৰকাক লৈ বহু আগতেই ঘোষণা কৰা হৈছিল ‘বাপ’ শীৰ্ষক এখন ছবি । এতিয়া ছবিখনৰ পৰা প্ৰকাশ পাইছে 80 ৰ দশকৰ এই জনপ্ৰিয় অভিনেতাকেইজনৰ ফাৰ্ষ্ট লুক । বিবেক চৌহানে এই ছবিখন পৰিচালনা কৰিছে ।

জি ষ্টুডিঅ’, আহমেদ খান আৰু শ্বায়ৰা আহমেদ খানৰ যৌথ প্ৰযোজনাত নিৰ্মাণ হৈছে ‘বাপ’ ছবিখন । নতুন ছবিখনৰ পৰা ছবি নিৰ্মাতাসকলে শ্বেয়াৰ কৰা ছানী, সঞ্জয়, জেকী আৰু মিথুনক সাহসী অৱতাৰত দেখিবলৈ পোৱা গৈছে । মিথুনক দেখা গৈছে এক দমদাৰ ষ্টাইলত । জেকী আৰু সঞ্জয়ৰ লুকটোও যথেষ্ট আকৰ্ষণীয় হৈছে । ছানী দেউলৰ ৰূপটোৱে অভিনেতাজনৰ চুপাৰহিট ছবি ‘জিত’ (1996)ৰ ৰূপটোৰ কথাও মনত পেলাই দিয়ে । ক’বলৈ গ’লে ফাৰ্ষ্ট লুকত 80 ৰ দশকৰ চাৰিওজন তাৰকাকে শক্তিশালী ৰূপত দেখা গৈছে ।

সঞ্জয় দত্তই কৈছে বাপ অৱ্ অল ফিল্মছ

সঞ্জয় দত্তই ‘বাপ’ ছবিখনৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি লিখিছে, ‘বাপ অৱ্ অল ফিল্মছ, শ্বুট ধমাল, দস্তী বেমিছাল’ । এতিয়া এই ছবিখনক লৈ অনুৰাগীৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে এতিয়া ছবিখনৰ সৈতে জড়িত অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে । এতিয়ালৈকে ছবিখন কেতিয়া মুক্তি পাব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই ।

লগতে পঢ়ক :The Crew: টাবু, কৰীণা, কৃতিৰ সমন্বয়েৰে আহি আছে দ্য ক্ৰু

ABOUT THE AUTHOR

...view details