চিটাৰা ডেস্ক, ১৫ ছেপ্টেম্বৰ: যদি আপুনি ধুনীয়া হয় আৰু মিছ ইউনিভাৰ্ছ হ’ব বিচাৰে ? কিন্তু এই সপোন পূৰণৰ ক্ষেত্ৰত যদি আপোনাৰ বয়সে আপোনাক বাধা দিছে তেন্তে আপোনাৰ বাবে লৈ আহিছোঁ এটা সুবৰ্ণ সুযোগ ৷ এতিয়াৰে পৰা যিকোনো বয়সতে আপুনি আপোনাৰ এই সপোন পূৰণ কৰিব পাৰিব । মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত শেহতীয়াকৈ এটা ডাঙৰ খবৰ আমাৰ হাতত আহিছে ৷ দৰাচলতে পূৰ্বে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সুন্দৰীসকলৰ বয়সৰ সীমা আছিল ১৮ ৰ পৰা ২৮ বছৰ, কিন্তু এতিয়া উঠাই দিয়া হৈছে এই সময়সীমা ৷ হয়, আপুনি ঠিকেই পঢ়িছে এতিয়া যিকোনো বয়সতে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । বয়স সম্পৰ্কীয় নিয়মৰ বাবেই যোৱা কেইবছৰমানৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হোৱা একাংশ মহিলাক এই সিদ্ধান্তই সকাহ দিব ।
মিছ ইউনিভাৰ্ছ সংগঠনৰ ঘোষণাৰ পিচতে সকলো বয়সৰ মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । অৱশ্যে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে চূড়ান্ত বয়সৰ সীমা কি হ’ব সেয়া এতিয়াও ঘোষণা কৰা নাই সংস্থাটোৱে । এয়া সংগঠনটোৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি কোৱা হৈছে। উল্লেখ্য যে, পূৰ্বে ১৮ৰ পৰা ২৮ বছৰ বয়সৰ ভিতৰৰ সুন্দৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল, ইয়াৰ বিপৰীতে ২৮ বছৰ বয়স অতিক্ৰম কৰা সকলৰ বাবে মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন সপোনেই থাকি গৈছিল ৷ কিন্তু এতিয়া এই সিদ্ধান্তৰ পিচতে আপুনি বাস্তবায়িত কৰিব পাৰিব মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন ৷
আটাইতকৈ বয়সীয়াল মিছ ইউনিভাৰ্ছ কোন ?
নিউয়ৰ্ক ফেশ্বন উইকত টেনাৰ ফ্লেচাৰৰ শ্ব’ৰ সময়ত এই কথা ঘোষণা কৰা হৈছে। প্ৰতিযোগিতাখনত বয়স সম্পৰ্কীয় এই নিয়ম ২০২৪ চনৰ পৰা কাৰ্যকৰী হ’বলৈ গৈ আছে । ইফালে মিছ ইউনিভাৰ্ছ (২০২২) বনি গেব্ৰিয়েল হৈছে আটাইতকৈ বয়স বেছি থকা মিছ ইউনিভাৰ্ছ। এইগৰাকী আমেৰিকান সৌন্দৰ্যৰ বয়স বৰ্তমান ২৯ বছৰ । এই প্ৰতিযোগিতাত জয়ী হোৱা আটাইতকৈ বয়সীয়াল মহিলা বুলি কোৱা হয় তেওঁক ।
উল্লেখ্য যে, ভাৰতৰ ফালৰ পৰা বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনে ১৯ বছৰ বয়সত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত(১৯৯৪) অংশগ্ৰহণ কৰি জয়লাভ কৰিছিল । সুস্মিতা সেন ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্ছ।