চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ : মায়ানগৰী মুম্বাইত এটা বিলাসী ঘৰৰ সপোন কিজানি সকলোৰে আছে । সপোনৰ বাট বুলিবলৈ মুম্বাইলৈকে যাত্ৰা কৰে সৰহ সংখ্যকে ৷ ৰণবীৰ দীপিকাৰ পিছত এতিয়া আন এজন তাৰকাই মুম্বাইত কিনিলে সপোনৰ ঘৰখন ৷ যৌৱন আৰু আকৰ্ষণীয় শৰীৰৰ বাবে সদায় বাতৰিৰ শিৰোনামত থকা মিলিন্দ সোমনে ক্ৰয় কৰিছে ফ’ৰ বি এইচ কেৰ এটা বিলাসী ঘৰ (Milind Soman house in Mumbai)।
মিলিন্দ সোমনে ক্ৰয় কৰা ফ্লেটটোৰ কাৰ্পেট এলেকা হৈছে 1720 বৰ্গফুট । ইয়াত চাৰিটা বিলাসী শোৱা কোঠা আছে । পাৰ্কিঙৰ বাবে দুটাকৈ জেগা আছে । দাদাৰ চৌপট্টি বীচ্ছ তেওঁৰ ঘৰৰ পৰা অতিকে ওচৰত আৰু এই প্ৰকল্পৰ পৰা খোজ কাঢ়ি যোৱা দূৰত্বত আছে বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰ জৈন দেৰাছাৰ । দাদাৰ ৰেলৱে ষ্টেচনলৈ মাত্ৰ দহ মিনিট খোজ কাঢ়িলেই চহৰৰ বাণিজ্যিক কেন্দ্ৰবোৰলৈ সহজে যাব পাৰি ।