চিটাৰা ডেস্ক, 30 আগষ্ট :2009 চনৰ জুন মাহত মৃত্যু হোৱা কিং অৱ্ পপ মাইকেল জেকচনে ড্ৰাগছ ক্ৰয় কৰিবলৈ 19 টাকে ভুৱা একাউণ্ট ব্যৱহাৰ কৰিছিল বুলি প্ৰকাশ কৰিছে এখন নতুন তথ্যচিত্ৰই । জেকচনৰ চিকিৎসক কনৰাড মুৰেই (Conrad Murray) নিয়মিতভাৱে তেওঁক দি থকা anesthetic propofol ৰ ফলত হোৱা cardiac arrest পিছত লছ এঞ্জেলছৰ নিজৰ ঘৰত 50 বছৰীয়া মাইকেল জেকচনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
এই মৃত্যুক হত্যাকাণ্ড বুলি ৰায় দিয়া হ’ল আৰু সকলো দোষ Murray ই মূৰ পাতি ল’লে । nypost.com ৰ বাতৰি অনুসৰি, তেওঁক অনাকাংক্ষিতভাৱে হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল আৰু তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।
কিন্তু মানুহৰ সকলো ঘৃণা মুৰেই নিৰ্বিশেষে শুনি গৈছিল ৷ সোমবাৰে 64 বছৰত ভৰি দিয়া তাৰকা মাইকেল জেকচনে তেওঁৰ জীৱনকালত মাত্ৰাধিক ড্ৰাগছ সেৱন কৰিছিল আৰু বিভিন্ন ডাক্তৰৰ পৰামৰ্শৰ বাবে তেওঁ এইবোৰ ল’বলৈয়ো সুবিধা পাইছিল (Michael Jackson latest news) ৷ সেই চিকিৎসক সকলে কেতিয়াও কিন্তু তেওঁৰ মৃত্যুৰ পিছত এদিনো জেল দেখি পোৱা নাছিল ৷ এখন নতুন ডকুমেণ্টৰি 'TMZ Investigates: Who Really Killed Michael Jackson' ত এই কথা প্ৰকাশ পাইছে (new documentary on King of Pop) ৷
জেকচনৰ মৃত্যুৰ বাবে নিযুক্তি দিয়া LAPD অনুসন্ধানকাৰী অৰলেণ্ডো মাৰ্টিনেজে তথ্যচিত্ৰখনত কয় যে, “মৃত্যুৰ সময়ত জেকচনৰ বিচনাৰ কাষতে বহি আছিল Murray, কিন্তু এয়া তাতোকৈ বহুত বেছি জটিল ৷ পৰিস্থিতিয়ে বছৰ বছৰ ধৰি তেওঁৰ মৃত্যুৰ সূচনা কৰি আহিছিল ৷ জেকচনে ভিন্ন চিকিৎসকৰ ওচৰ চাপিছিল আৰু নিজৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছিল, কি ঔষধ কেতিয়া বিচাৰে, ক'ত বিচাৰে এই সকলো তেওঁ নিৰ্ধাৰণ কৰিছিল । সেইবাবেই আজি তেওঁ মৃত্যুক আকোঁৱালি ল’লে", এইদৰে কয় মাৰ্টিনেজে ৷
LA Countyৰ সহকাৰী chief coroner এড উইণ্টাৰৰ মতে, জেকচনে মৃত্যুৰ সময়ত Gatorade-size বটলত প্ৰ’প’ফ’ল (propofol) খাই আছিল । Murray ৰ মতে, চিকিৎসা সমাজে বহু দিশত তেওঁৰ এই পদাৰ্থৰ প্ৰতি থকা আকৰ্ষণক সহজ কৰি তুলিছিল ৷ তেওঁলোকৰ মতে জেকচন শুব পৰা একমাত্ৰ উপায় হৈছে propofol, বিশেষকৈ যেতিয়া তেওঁ কোনো ইভেণ্টৰ বাবে সাজু হয় ।
"এয়া কোনো ডাঙৰ কথা নাছিল, তেওঁ ইয়াক দশক দশক ধৰি ব্যৱহাৰ কৰি আহিছিল, সমগ্ৰ বিশ্বৰ বিভিন্ন চিকিৎসকে তেওঁক এয়া দিছিল... আৰু তেওঁলোকে তেওঁক কেতিয়াবা এই ঔষধ বেজী হিচাপে ল’বলৈয়ো অনুমতি দিছিল," এনেদৰে বৰ্ণনা আগবঢ়াই মুৰেই ।
এই সকলোবোৰ 1984 চনত আৰম্ভ হৈছিল যেতিয়া পেপচিৰ বিজ্ঞাপনৰ চিত্ৰগ্ৰহণ কৰোতে পাইৰোটেকনিক দুৰ্যোগৰ (pyrotechnic disaster ) সময়ত তেওঁ দ্বিতীয় আৰু তৃতীয় ডিগ্ৰী দুয়োধৰণৰ পোৰাৰ ( second and third-degree burns) ফলত তেওঁৰ মূৰৰ ছাল জ্বলি গৈছিল আৰু আৰোগ্য হোৱাৰ বাবে তেওঁক পেইনকিলাৰ দিয়া হৈছিল ।
জেকচনৰ নিজৰ ভাষাত ক’বলৈ গ’লে তেওঁৰ শেষৰ বছৰবোৰত ড্ৰাগছে তেওঁৰ জীৱনটোক নিজৰ দখললৈ আনিছিল । “মোৰ ভ্ৰমণৰ দিনবোৰত মই বিষনাশক ঔষধৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিলোঁ,” জেকচনে আৰ্কাইভ কৰা অডিঅ’ত কয় ৷ 1993 চনৰ ৱৰ্ল্ড ট্যুৰ কিয় বাতিল কৰিছিল আৰু তেওঁ চিকিৎসাৰ বাবে যোৱাৰ কথা ঘোষণা কৰিছিল সেই অডিঅ’ত । আৰ্কাইভ কৰা ফুটেজত জেকচনে স্বীকাৰ কৰে যে, "মই ভাল নাপাওঁ...মই নৰকৰ মাজেৰে পাৰ হৈ আছো" ৷
তাৰ পিছৰ বছৰবোৰত পৰিস্থিতি আৰু বেয়া হৈ পৰিল কাৰণ জেকচনে হলীউডৰ বিখ্যাত ছাল ৰোগ বিশেষজ্ঞ আৰ্নল্ড ক্লেইনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল, যাৰ 2015 চনত 70 বছৰ বয়সত প্ৰাকৃতিক কাৰণত মৃত্যু হৈছিল । ক্লেইনে জেকচনক অধিক পদাৰ্থৰ সৈতে opioid Demerol খোৱাৰ কথা স্বীকাৰ কৰিছিল ।