অসম

assam

ETV Bharat / entertainment

Met Gala 2023 : ৰেড কাৰ্পেটত ক’লা বগা সাজত নিক আৰু প্ৰিয়ংকা - মেট গালা ২০২৩

আৰম্ভ হৈছে ফেশ্বন নাইট মেট গালা ২০২৩ (Met Gala 2023)। এই ৰেড কাৰ্পেটত হলিউডৰ তাৰকাই নিজৰ ফেশ্বন প্ৰদৰ্শন কৰিছে। ইফালে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ লুকো চৰ্চালৈ আহিছে ।

Met Gala 2023: Priyanka Chopra and Nick Jonas are back where it all began, see pictures
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ ৰেড কাৰ্পেট লুক

By

Published : May 2, 2023, 11:10 AM IST

চিটাৰা ডেস্ক, ২ মে’ : প্ৰতি বছৰৰ দৰেই এইবাৰো আৰম্ভ হৈছে আটাইতকৈ ডাঙৰ ফেশ্বন নাইট মেট গালা ২০২৩ (Met Gala 2023) । এই ৰেড কাৰ্পেটত হলিউডৰ বহু তাৰকাই নিজৰ ফেশ্বন প্ৰদৰ্শন কৰিছে । ইয়াৰ মাজতে গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাৰ মেট গালাৰ লুক চৰ্চালৈ আহিছে (Priyanka Chopra and Nick Jonas at Met Gala 2023)।

প্ৰিয়ংকা চোপ্ৰাৰ মেট গালাৰ লুক

স্বামী নিক জ’নাছৰ সৈতে কাৰ্পেটত প্ৰৱেশ কৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই । ফেশ্বন নাইটত দুয়োকে ক’লা-বগা লুকত দেখা পোৱা যায় । প্ৰিয়ংকাই পৰিধান কৰিছিল ক’লা ৰঙৰ ভেলেন্টিনো থাই হাই স্লিট গাউন । ইফালে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা হীৰাৰ নেকলেছ (Priyanka Chopra and Nick Jonas Met Gala 2023 look) । লগতে নিকক ক’লা চুট আৰু বগা চাৰ্ট পৰিধান কৰা দেখা পোৱা যায় ।

বিশেষ আছিল প্ৰিয়ংকাই পৰিধান কৰা হীৰাৰ হাৰ বা হীৰাৰ নেকলেছ

এই সাজৰ সৈতে পিচিয়ে ১১.৬ কেৰেটেৰে নিৰ্মিত হীৰাৰ হাৰো পৰিধান কৰিছিল (Priyanka Chopra and Nick Jonas met gala red carpet) । খবৰ অনুসৰি এই নেকেলেচৰ মূল্য ২৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২০৪ কোটি টকা । টুইটত লিখা অনুসৰি, "মেট গালাৰ পিচত নিলাম হ’ব প্ৰিয়ংকা চোপ্ৰাৰ ২৫ মিলিয়ন ডলাৰৰ বুলগাৰী অফিচিয়েল নেকেলেচ’’ ।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ ৰেড কাৰ্পেট লুক

৬ বছৰ পূৰ্বে নিকৰ সৈতে মেট গালাত আত্মপ্ৰকাশ কৰিছিল প্ৰিয়ংকা

উল্লেখ্য যে, ২০১৭ চনত মেট গালাৰ ৰেড কাৰ্পেটত পিচিয়ে আত্মপ্ৰকাশ কৰিছিল (Priyanka Chopra at Met Gala 2023) । সেই সময়ত নিককো দেখা পোৱা গৈছিল । যোৱা কেইবছৰমানৰ পৰা অভিনেত্ৰীগৰাকীয়ে ফেশ্বন নাইটত নিজৰ গ্লেমাৰছ লুকেৰে মোহিত কৰি আহিছে অনুৰাগীক ৷

প্ৰতিবাৰেই বেলেগ বেলেগ ৰূপত দেখা পোৱা যায় অভিনেত্ৰীগৰাকীক (Met Gala 2023 red carpet) ৷ এইবাৰো অন্য এক ৰূপত দেখা পোৱা গ’ল অভিনেত্ৰীগৰাকীক । ইয়াৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই মেট গালা অনুষ্ঠানত তিনিবাৰকৈ অংশ লৈছে । এই বৰ্ষৰটো আছিল চতুৰ্থ ।

কাৰ্ল লেগাৰফেল্ড : এ লাইন অৱ বিউটি থিম

2023 বৰ্ষৰ মেট গালাৰ থিম হৈছে ‘কাৰ্ল লেগাৰফেল্ড: এ লাইন অৱ বিউটি’, যিটো প্ৰয়াত ডিজাইনাৰ কাৰ্ল লেগাৰফেল্ডৰ প্ৰতি উৎসৰ্গিত । ২০১৯ চনত তেওঁৰ মৃত্যু হয় । তেওঁ আছিল বিশ্বৰ অন্যতম বিখ্যাত ডিজাইনাৰ ।

লগতে পঢ়ক :Arjun Rampal's girlfriend: পুনৰ গৰ্ভৱতী হ’ল অৰ্জুন ৰামপালৰ প্ৰেমিকা, বল্ড আউটফিটত বেবী বাম্পৰ ফটো শ্বেয়াৰ

ABOUT THE AUTHOR

...view details