অসম

assam

ETV Bharat / entertainment

অৰিজিতৰ কণ্ঠত মুকলি মেৰী খ্ৰীষ্টমাছৰ তৃতীয়টো গীত, ৰোমান্টিক ৰূপত কেটৰিণা-বিজয় - vijay sethupathi

Merry Christmas new song : মুক্তি পালে মেৰী খ্ৰীষ্টমাছ ছবিখনৰ তৃতীয়টো গীত ‘ৰাত আকেলি থি’। এই গীতটোত কেটৰিণা আৰু বিজয় সেতুপতীক একেলগে ৰোমান্স কৰা দেখা গৈছে ।

Merry Christmas song Raat Akeli Thi: Katrina-Vijay fathom familiarity of stranger in romantic melody
মেৰী খ্ৰীষ্টমাছৰ তৃতীয়টো গীত মুকলি

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 4:19 PM IST

চিটাৰা ডেস্ক, ১০ জানুৱাৰী:‘মেৰী খ্ৰীষ্টমাছ’ ছবিখনৰ বাবে লাইমলাইটত আছে কেটৰিণা কাইফ আৰু বিজয় সেতুপতী । অনুৰাগীয়ে প্ৰথমবাৰৰ বাবে দেখা পাব এনে এক ব্যতিক্ৰমী যুটি । এই ছবিখনক লৈ অনুৰাগীৰ মাজত যথেষ্ট আগ্ৰহ দেখা পোৱা গৈছে । কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছিল, যিটো দৰ্শকে খুব ভাল পাইছিল । ইফালে আজি মুক্তি পালে ‘মেৰী খ্ৰীষ্টমাছ’ৰ নতুন গীত । নতুন গীতটিত কেটৰিণা আৰু বিজয়ৰ মাজত ছিজলিং কেমিষ্ট্ৰী দেখা পোৱা গৈছে ।

শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত ‘মেৰী খ্ৰীষ্টমাছ’ হৈছে কেটৰিণা আৰু বিজয়ৰ ৰোমান্টিক চলচ্চিত্ৰ কাহিনী । এতিয়া মুক্তি পাইছে ছবিখনৰ ‘ৰাত আকেলি থি’ গীত ৷ গীতটোত দুয়োগৰাকীয়ে আন্ধাৰ নিশা ইগৰাকীয়ে সিগৰাকীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিছে । বিজয় আৰু কেটৰিণাৰ কেমিষ্ট্ৰীয়ে মোহিত কৰিছে অনুৰাগীৰ হৃদয় ।

ৰোমান্টিক গীত ‘ৰাত আকেলি থি’ত কণ্ঠদান কৰিছে অৰিজিৎ সিঙে । গীতটি ৰচনা কৰিছে প্ৰীতম চক্ৰৱৰ্তীয়ে ।

অনুৰাগীয়ে ইয়াক মাষ্টাৰপিছ বুলি অভিহিত কৰিছে

১২ জানুৱাৰীত মুক্তি পাব ‘মেৰী খ্ৰীষ্টমাছ’। ছবিখনৰ নতুন গীতটো শুনি সকলোৱে অৰিজিৎ সিঙক প্ৰশংসা কৰিছে । একাংশ অনুৰাগীয়ে গীতটোক ‘মাষ্টাৰপিছ’ বুলি অভিহিত কৰিছে । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছে, ‘‘ মাষ্টাৰপিছ গীত । প্ৰীতম ছাৰে সঁচাকৈয়ে আমাৰ পুৰণি শাস্ত্ৰীয় সংগীতৰ স্মৃতিবোৰ সতেজ কৰি তুলিছে । এই সুন্দৰ গীতটি আমাক দিয়াৰ বাবে সমগ্ৰ দলটোক ধন্যবাদ ।’’

এজনে মন্তব্য কৰিছে, ‘‘এই গীতটো সঁচাকৈয়ে আচৰিত ।’’ আন এজনে মন্তব্য কৰিছে, ‘‘বলীউডক আওকাণ কৰিব পাৰি...কিন্তু অৰিজিত সিঙৰ কণ্ঠক নহয় ।’’

উল্লেখ্য যে, কেটৰিণা আৰু বিজয়ৰ উপৰিও ছবিখনত ৰাধিকা আপ্তে, সঞ্জয় কাপুৰ, অদিতি গোৱাত্ৰেকৰ, টিনু আনন্দ, বিনয় পাঠকৰ দৰে অভিনেতাও আছে ।

লগতে পঢ়ক:বড়ে মিঞা ছোটে মিঞাৰ মুক্তিৰ তাৰিখ ঘোষণা, এই বিশেষ দিনটোত মুক্তি পাব ছবিখন

ABOUT THE AUTHOR

...view details