অসম

assam

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:08 PM IST

ETV Bharat / entertainment

Animal Rashmika Mandanna Look: 'এনিমেল'ৰ পৰা ৰশ্মিকা মান্ধানাৰ প্ৰথম লুক প্ৰকাশ, এই চৰিত্ৰত অভিনয় কৰিব ৰশ্মিকাই

দক্ষিণ চিনেমাৰ ছুপাৰষ্টাৰ ৰশ্মিকা মান্ধানাক অতি সোনকালে দেখা যাব বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ ছবি এনিমেলত । এই ছবিখনক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে । ইফালে আজি এনিমেলৰ ৰশ্মিকা মান্ধানাৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰা হৈছে । ইয়াৰ উপৰিও ছবিখনত ৰশ্মিকাৰ চৰিত্ৰ সন্দৰ্ভতো তথ্য প্ৰদান কৰা হৈছে ।

Meet Geetanjali from Animal as makers unveil Rashmika Mandanna's first look from Ranbir Kapoor starrer
'এনিমেল'ৰ পৰা ৰশ্মিকা মান্ধানাৰ প্ৰথম লুক প্ৰকাশ, এই চৰিত্ৰত অভিনয় কৰিব ৰশ্মিকাই

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ:বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰৰ আগন্তুক ছবি ‘এনিমেল’ৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ক লৈ অনুৰাগীৰ মাজত ব্যাপক উন্মাদনা ৷

শেহতীয়াকৈ এই ছবিখনৰ ৰণবীৰ কাপুৰ আৰু অনিল কাপুৰৰ ফাৰ্ষ্ট লুক পোষ্টাৰ প্ৰকাশ পাইছে ৷ এতিয়া এই ছবিখনৰ মুখ্য নায়িকা তথা দক্ষিণৰ ছুপাৰষ্টাৰ ৰশ্মিকা মান্ধানাৰ লুক উন্মোচিত হৈছে ৷ হয়, শনিবাৰে প্ৰকাশ পালে ৰশ্মিকাৰ ‘এনিমেল’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ৷

'এনিমেল'ৰ পৰা ৰশ্মিকা মান্ধানাৰ প্ৰথম লুক প্ৰকাশ

বহু দিনৰ আগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ’ য’ত হিন্দী চিনেমা অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে পাহাৰত শ্বুটিং কৰা দেখা গৈছিল ৰশ্মিকা মান্ধানাক ৷ এই ভিডিঅ’টো ওলোৱাৰ পিছতে পোহৰলৈ আহিল যে ৰণবীৰ আৰু ৰশ্মিকাক এখন ছবিত দেখা যাব, যাৰ নাম ‘এনিমেল’ ৷ এতিয়া এই চিনেমাৰ ৰশ্মিকা মান্ধানাৰ ফাৰ্ষ্ট লুক মুক্তি পালে ৷

শনিবাৰে ৰশ্মিকা মান্ধানাই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ‘এনিমেল’ৰ পৰা নিজৰ লুকৰ আভাস দেখুৱাইছিল ৷ ৰশ্মিকাই এই পোষ্টটোত লিখিছে- " আপোনাৰ গীতঞ্জলি" ৷ এইদৰে দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে এনিমেলত তেওঁৰ চৰিত্ৰটোৰ নাম কি হ’ব সেই সম্পৰ্কেও তথ্য দিছে ৷

এই পোষ্টাৰখনত স্পষ্টকৈ দেখা গৈছে যে ৰঙা আৰু বগা সংমিশ্ৰিত এই শাৰীখনত ৰশ্মিকা মান্ধানাই নিজৰ সৰলতাৰে সকলোৰে হৃদয় জয় কৰিছে ৷ ৰশ্মিকা মান্ধানাৰ এনিমেল চিনেমাৰ লুকটো ছচিয়েল মিডিয়াত বহুত লাইক হৈছে ৷

অতি সোনকালে মুক্তি পাব 'এনিমেল'ৰ টিজাৰ

ৰশ্মিকা মান্ধানাৰ পূৰ্বে ‘এনিমেল’ ছবিৰ ৰণবীৰ কাপুৰ আৰু অনিল কাপুৰৰ লুক প্ৰকাশ পাইছে ৷ এই ছবিখনৰ টিজাৰো শীঘ্ৰে মুক্তি পাব ৷ আপোনালোকক জনাওঁ যে অহা ২৮ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ ‘এনিমেল’ৰ টিজাৰ মুক্তি পাব ৷

লগতে পঢ়ক:Kerala Boycott Leo: মুক্তিৰ পূৰ্বে থালাপাথী বিজয়ৰ ছবি লিঅ’ৰ বাবে আহিল প্ৰত্যাহ্বান; কেৰালাত চলিছে হেচটেগ বয়কট লিঅ’

ABOUT THE AUTHOR

...view details