চিটাৰা ডেস্ক, 22 নৱেম্বৰ:অভিনেত্ৰী তৃষা কৃষ্ণণক লৈ অশ্লীল মন্তব্য কৰি বিপদত পৰিছে তামিল অভিনেতা মনছুৰ আলী খান । শেহতীয়াকৈ মনছুৰ আলী খানে অভিনেত্ৰীগৰাকীক লৈ কিছু অশালীন মন্তব্য কৰিছিল ৷ ইয়াৰ পিচতে ইয়াক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বহু চেলিব্ৰিটিয়ে মনছুৰ আলী খানক তেওঁৰ মন্তব্যৰ বাবে গৰিহণা দিছিল ৷ ইফালে ৰাষ্ট্ৰীয় মহিলা আয়োগেও বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছিল । ইয়াৰ মাজতে চেন্নাই আৰক্ষীয়ে অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ২১ নৱেম্বৰত মনছুৰৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছিল, তাৰ পিচতে অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ।
মনছুৰৰ বিৰুদ্ধে ৰুজু গোচৰ
লিঅ’ৰ ফেম অভিনেতা মনছুৰ আলী খানে অভিনেত্ৰী তৃষা কৃষ্ণণৰ বিৰুদ্ধে কৰা মন্তব্যৰ পিচতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী আৰু লোকেশ কানাগৰাজকে ধৰি বহু চেলিব্ৰিটিয়ে মনছুৰক সমালোচনা কৰিছে । ইফালে মনছুৰে তৃষাৰ ওচৰতো ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে । এই সকলোবোৰৰ মাজতে এ এন আইৰ প্ৰতিবেদন অনুসৰি থানাত মনছুৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ।