অসম

assam

ETV Bharat / entertainment

HBD Manoj Kumar: মগনিয়াৰ হৈ বলীউডলৈ আহিছিল মনোজ কুমাৰ, নাম লাভ কৰিছিল ভাৰত কুমাৰ - মনোজ কুমাৰৰ জন্মদিন

আজি ছবিজগতৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ জন্মদিন। অভিনেতাগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Manoj Kumar Birthday: Not Akshay Kumar meet the original Bharat Kumar
মনোজ কুমাৰৰ জন্মদিন

By

Published : Jul 24, 2023, 1:45 PM IST

চিটাৰা ডেস্ক, 24 জুলাই: ছবিৰ জৰিয়তে ভাৰতৰ কাহিনী দেখুৱাইছিল তেওঁ । ৰোমাঞ্চ আৰু ট্ৰেজেডীৰ যুগত তেওঁ ছবি জগতক এক নতুন দিশ দেখুৱাইছিল । হয়, আমি কৈছোঁ ১৯৩৭ চনৰ ২৪ জুলাইত এবটাবাদত (বৰ্তমান পাকিস্তানত থকা ঠাই) জন্মগ্ৰহণ কৰা মনোজ কুমাৰৰ কথা ৷ তেওঁৰ প্ৰকৃত নাম হৰিকৃষ্ণ গিৰি গোস্বামী । জন্মদিনৰ বিশেষ ক্ষণত তেওঁৰ জীৱনৰ কিছু নজনা কাহিনীৰ বিষয়ে জানো আহক ।

কিয় নাম সলনি কৰিছিল অভিনেতাগৰাকীয়ে ?

মনোজ কুমাৰেও দেশ বিভাজনৰ বোজা বহন কৰিবলগীয়া হৈছিল । মাত্ৰ ১০ বছৰ বয়সত বিভাজনৰ কাৰণে তেওঁৰ পৰিয়াল পাকিস্তান এৰি দিল্লীলৈ আহিছিল । কিংছৱে কেম্পত কিছুদিন কটোৱাৰ পিচত তেওঁ পুৰণি ৰাজেন্দ্ৰ নগৰত থাকিবলৈ আৰম্ভ কৰে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । ইয়াৰ পিচত তেওঁ ছবিজগতত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ পৰিকল্পনা আৰম্ভ কৰে ।

আচলতে মনোজ কুমাৰে ছবি চাই ভাল পাইছিল আৰু দিলীপ কুমাৰৰ অনুৰাগী আছিল তেওঁ ৷ দিলীপ কুমাৰৰ ছবি ‘শবনাম’ মুক্তি পোৱাৰ সময়ত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল মনোজ কুমাৰ । এই ছবি আৰু চৰিত্ৰটো হৰিকৃষ্ণ গিৰি গোস্বামীয়ে ইমানেই ভাল পাইছিল যে ছবি জগতত খোজ দিওঁতে তেওঁ নিজৰ নাম সলনি কৰি মনোজ কুমাৰ কৰি লৈছিল ।

প্ৰথমখন ছবিতে মগনিয়াৰৰ চৰিত্ৰত অভিনয় কৰিছিল

‘শ্বহীদ’, ‘ৱহ কৌন থি’, ‘ৰোটি কাপড়া অৰ মকান’, ‘পুৰব আৰু পশ্চিম’, ‘উপকাৰ’কে ধৰি বহুকেইখন হিট ছবিত নিজৰ বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰা মনোজ কুমাৰে ১৯৫৭ চনত লেখৰাজ ভাকীৰ ‘ফেশ্বন’ ছবিৰে নিজৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰিছিল । এই ছবিখনত তেওঁ ৯০ বছৰীয়া মগনিয়াৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

১৯৬০ চনত তেওঁ প্ৰথমবাৰৰ বাবে ‘কাঞ্চ কি গুড়িয়া’ ছবিত মুখ্য অভিনেতা হিচাপে অভিনয় কৰে । অৱশ্যে মনোজ কুমাৰৰ প্ৰথমখন হিট ছবি আছিল ১৯৬২ চনত মুক্তি পোৱা ‘হৰিয়ালি অৰ ৰাস্তা’। উল্লেখ্য যে মনোজ কুমাৰক ভালপোৱাসকলৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীও । ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ পিচত শাস্ত্ৰীজীয়ে তেওঁক ‘জয় জৱান, জয় কিষাণ’ৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিবলৈ কয় । ইয়াৰ পিচত ১৯৬৭ চনত মনোজ কুমাৰে উপকাৰ ছবিখন নিৰ্মাণ কৰিছিল ।

ইয়াৰ বাবেই তেওঁক ‘ভাৰত কুমাৰ’ বুলি অভিহিত কৰা হৈছিল

১৯৬৫ চনত মুক্তি পোৱা শ্বহীদ ছবিখনত মনোজ কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্বহীদ ভগত সিঙৰ মাতৃকো লগ পাইছিল । সেই সময়ত ভগত সিঙৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, যাক লগ পোৱাৰ পিচত মনোজ কুমাৰে চকুলো বৈ আহিছিল । দেশপ্ৰেমৰ ওপৰত নিৰ্মিত প্ৰায়বোৰ ছবিতে মনোজ কুমাৰৰ চৰিত্ৰটোৰ নাম আছিল ভাৰত । এই কাৰণেই সকলোৱে তেওঁক ভাৰত কুমাৰ বুলি মাতিবলৈ আৰম্ভ কৰে ।

কিয় আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছিল মনোজ কুমাৰে ?

আপুনি জানি আচৰিত হ’ব যে মনোজ কুমাৰে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছিল ৷ আচলতে বিভাজনৰ পিচত শৰণাৰ্থী শিবিৰত থকাৰ পৰিস্থিতিক লৈ তেওঁৰ অতি সোনকালে খং উঠিছিল । যাৰ বাবে এবাৰ শৰণাৰ্থী শিবিৰৰ চিকিৎসক আৰু নাৰ্ছসকলক লাঠিৰে কোবাইছিল তেওঁ । সেয়াহে তেওঁক আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক:Akanksha Juneja Fraud: অনলাইনত খাদ্য অৰ্ডাৰ কৰি প্ৰৱঞ্চনাৰ বলি সাথ নিভানা সাথিয়াৰ এইগৰাকী অভিনেত্ৰী

ABOUT THE AUTHOR

...view details