অসম

assam

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:48 AM IST

ETV Bharat / entertainment

Manipur Film: ছোৱালীৰ ফুটবল ক্লাবৰ আধাৰত নিৰ্মিত মণিপুৰৰ ছবি এন্দ্ৰো ড্ৰিমছলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

মুম্বাইত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ অষ্টম সংস্কৰণত শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজামৰ ‘Andro Dreams’ ছবিখনে ।

Manipur's film 'Andro Dreams' wins best documentary award in Mumbai fest
মীনা লংজামৰ ‘Andro Dreams লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা

চিটাৰা ডেস্ক, 17 অক্টোবৰ: শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা এখন চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজামৰ ‘Andro Dreams’ নামৰ ছবিখনে লাভ কৰে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা । ছবিখনত মণিপুৰৰ পূৱ ইম্ফল জিলাৰ এখন দুৰ্গম চহৰ এন্দ্ৰোৰ ছোৱালীৰ ফুটবল ক্লাবৰ কাহিনী দেখুওৱা হৈছে । গণসংযোগত ডক্টৰেট ডিগ্ৰী লাভ কৰা মীনাই দেওবাৰে মুম্বাইত আয়োজিত এক বৃহৎ অনুষ্ঠানত এই বঁটা লাভ কৰে ।

মীনাৰ এই বিজয়ক মণিপুৰী চিনেমাৰ আন এক আকৰ্ষণ বুলি অভিহিত কৰি মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন সমিতিৰ সম্পাদক সুঞ্জু বচাস্পতিময়মে মীনা লংজাম আৰু তেওঁৰ সমগ্ৰ ‘এন্দ্ৰো ড্ৰিমছ’ৰ দলটোক তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনায় । এইখিনিতে উল্লেখ কৰিব লাগিব যে মীনাই এই বঁটা এনেকুৱা এটা সময়ত লাভ কৰিছে যিটো সময়ত তেওঁৰ ৰাজ্যখনে ৩ মে’ৰ পৰা চলি থকা জাতিগত সংঘাতৰ পৰা উদ্ধাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ।

ইফালে বঁটা লাভ কৰাৰ সন্দৰ্ভত মীনাই সংবাদ মাধ্যমত কয়,‘‘'এণ্ড্ৰো ড্ৰীমছ' হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰাচীন গাওঁ এন্দ্ৰোত অৰ্থনৈতিক প্ৰত্যাহ্বান, পুৰুষতান্ত্ৰিক ব্যৱস্থা আৰু ৰক্ষণশীলতাৰ সৈতে যুঁজি থকা এগৰাকী উৎসাহী বৃদ্ধা লাইবী আৰু তেওঁৰ তিনি দশক পুৰণি ছোৱালীৰ ফুটবল ক্লাবৰ কাহিনী ।’’

মীনা মণিপুৰ সংস্কৃতি বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা তথা সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী, তেওঁৰ এই কৃতিত্ব নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানৰ কেইদিনমান পূৰ্বে লাভ কৰিছে, য’ত মণিপুৰৰ দুজন প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা - মায়াংলাম্বাম ৰোমি মেইটেই আৰু চেইখোম ৰতনে তেওঁলোকৰ ছবি 'ইখোইগি য়ম’ আৰু ‘বিয়ণ্ড ব্লাষ্ট’ৰ বাবে বঁটা লাভ কৰিব ।

উল্লেখ্য যে মীনাই চলচ্চিত্ৰ প্ৰযোজক হিচাপে নিজৰ কেৰিয়াৰত বহু বঁটা লাভ কৰিছে । এই তালিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বঁটাটো হ'ল ২০১৫ চনত ইম্ফলৰ প্ৰথম মহিলা অটো-ৰিক্সা চালকৰ সংগ্ৰাম প্ৰদৰ্শন কৰা তথ্যচিত্ৰ 'অটো ড্ৰাইভাৰ'ৰ বাবে তেওঁৰ জয় । তেওঁৰ ছবিসমূহে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁৰ দ্বিতীয়খন তথ্যচিত্ৰ ‘আচৌবি ইন লাভ’, যি ৩০ টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দেখুওৱা হৈছে ৷

‘Andro Dreams’ দুজন সাহসী যুদ্ধাৰ সংগ্ৰামৰ কাহিনী । তাৰে এগৰাকী হৈছে ষাঠি বছৰ বয়সৰ লাইবী, যিয়ে ফুটবল ক্লাব চলাই আৰু আনজন হৈছে আশাব্যঞ্জক যুৱ ফুটবল খেলুৱৈ নিৰ্মলা । মীনাই ছবিখনৰ সন্দৰ্ভত কয়, ‘‘এন্দ্ৰো গাঁৱৰ বাসিন্দা লাইবীয়ে ২২ বছৰ ধৰি এই ছোৱালী ফুটবল ক্লাবটো সফলতাৰে চলাবলৈ দৰিদ্ৰতা, উগ্ৰবাদ আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ সৈতে যুঁজি আহিছে । পুঁজি আৰু উপযুক্ত সঁজুলিৰ অভাৱৰ পিচতো এই ফুটবল ক্লাবে ধাৰাবাহিকভাৱে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নক তৈয়াৰ কৰিছে ৷ ‘Andro Dreams’ বহু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । ইয়াৰ উপৰিও কেৰালাৰ আই ডি এছ-এফ এফ কে ফেষ্টিভেল, কোৰিয়ান ইন্টাৰনেশ্যনেল এথোনৌগ্ৰাফিক ফিল্ম ফেষ্টিভেল, ফেষ্টিভেল ইণ্টাৰনেশ্যনেল ডি চিনে ডি ফুছাগাছুগা’ ২০২৩ তো নিৰ্বাচিত কৰা হৈছিল ।

লগতে পঢ়ক:Dr Bezbaruah 2: ৰাজস্থান ফিল্ম ফেষ্টিভেলত অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

ABOUT THE AUTHOR

...view details