চিটাৰা ডেস্ক, 2 জুন: আজি মণিৰত্নমৰ ৬৭ সংখ্যক জন্মদিন (Mani Ratnam Birthday) ৷ ১৯৫৬ চনৰ ২ জুনত তামিলনাডুৰ মাদুৰাইত জন্মগ্ৰহণ কৰি মণিৰত্নমে (Mani Ratnams 67th birthday) । আজি মণিৰত্নমৰ নাম সন্নিবিষ্ট হৈছে সেই কিংবদন্তি পৰিচালকসকলৰ মাজত, যাৰ লগত প্ৰতিজন ছুপাৰষ্টাৰে কাম কৰাৰ সপোন দেখে ।
সফল পৰিচালক হোৱাৰ উপৰিও মণিৰত্নম এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যকাৰো । তেওঁৰ উৎকৃষ্ট কামৰ বাবেই ২০০২ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে । একে সময়তে আপুনি জানি আচৰিত হ’ব যে এইগৰাকী পৰিচালকৰ আচল নাম মণিৰত্নম নহয় আন কিবা হে । চলচ্চিত্ৰ জগতলৈ অহাৰ আগতে মণিৰত্নমৰ নাম কি আছিল আৰু তাৰ আগতে তেওঁ কি কৰিছিল জানক এই প্ৰতিবেদনত (HBD Mani Ratnam) ৷
মাদ্ৰাছ ডাঙৰ-দীঘল হৈছিল মণিৰত্নম । মণিৰত্নমৰ পিতৃয়ে ভেনাছ পিকচাৰ্ছৰ চলচ্চিত্ৰ বিতৰক হিচাপে কাম কৰিছিল । একে সময়তে তেওঁৰ ককাক ‘শুক্ৰ’ কৃষ্ণমূৰ্তি আছিল এজন সফল চলচ্চিত্ৰ প্ৰযোজক। চলচ্চিত্ৰৰ পটভূমি থকাৰ পিচতো মণিৰত্নমে এই ক্ষেত্ৰত নিজৰ নাম উজলাই তুলিব বিচৰা নাছিল । ছবি চোৱাৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ নাছিল । এই কাৰণেই তেওঁ এটা কোম্পানীত কনচালটেণ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে । অৱশ্যে ভাগ্যই তেওঁৰ বাবে আন কিবা এটা হে ভাৱি ৰাখিছিল ৷
মণিৰত্নমৰ বিশেষ বন্ধু ৰবি শংকৰে ‘অনু পল্লৱ অনু’ ছবিখন নিৰ্মাণ কৰি আছিল । ইয়াৰ বাবে তেওঁ মণিৰত্নমৰ সহায় বিচাৰি চিত্ৰনাট্য লিখিবলৈ কয় । ইয়াৰ পিচত মণিৰত্নমে এখন উজ্জ্বল চিত্ৰনাট্য লিখিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ চলচ্চিত্ৰ জীৱন (Mani Ratnam kannada movies) । বলীউড ইণ্ডাষ্ট্ৰীৰ ‘ঝক্কাছ কিং’ অনিল কাপুৰক এই ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল । ছবিখনক কৰ্ণাটকৰ ৰাজ্যিক বঁটাৰে সন্মানিত কৰা হয় ।
মণিৰত্নমে প্ৰকৃত জনপ্ৰিয়তা লাভ কৰিছিল তেওঁৰ তামিল ছবি ‘মৌংগা ৰংম’ৰ পৰা । ১৯৮৭ চনত মণি ৰত্নমে ‘লায়কন’ ছবি নিৰ্মাণ কৰিছিল, য’ত কমল হাছানে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । সেই সময়ত বক্স অফিচত ছবিখন ডাঙৰ হিট বুলি প্ৰমাণিত হৈছিল ৷ ইয়াৰ পিচত মণিৰত্নমৰ উদ্যোগটোত চাহিদা বাঢ়িবলৈ আৰম্ভ কৰিছিল । অফবিট ছবি পৰিচালনাৰ বাবে পৰিচিত মণি ৰত্নম । ৰাজনৈতিক নাটক, সন্ত্ৰাসবাদৰ পৰা আৰম্ভ কৰি ক্লাছিক প্ৰেম কাহিনীলৈকে ছবি পৰিচালনা কৰিছে পৰিচালকগৰাকীয়ে ।
মণিৰত্নমৰ প্ৰকৃত নাম গোপাল ৰত্নম সুব্ৰমণিয়াম ৷ তেওঁ নিজৰ নাম সলনি কৰি চলচ্চিত্ৰ জগতত ভৰি দিছিল (Mani ratnam best movies)। আনহাতে, যদি পৰিচালকজনৰ হিন্দী ছবি নিৰ্মাণৰ কথা কওঁ তেন্তে ‘দিল ছে...’ ছবিৰ জৰিয়তে হিন্দী কেৰিয়াৰ আৰম্ভ কৰিছিল । ‘দিল ছে’ৰ উপৰিও মণি ৰত্নমে উদ্যোগটোক ‘বম্বে’, গুৰুৰ দৰে ছবি দৰ্শকক উপহাৰ দিছিল । মণি ৰত্নমে তেওঁৰ কেৰিয়াৰত এই পৰ্যন্ত ২৬খন ছবি পৰিচালনা কৰিছে । পদ্মশ্ৰীৰ লগতে ৬ বাৰকৈ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে পৰিচালকগৰাকীয়ে ।
লগতে পঢ়ক:Happy Birthday Paresh Rawal: বছৰ কন্যাৰ প্ৰেমত পৰিছিল পৰেশ ৰাৱাল, তাৰ পিচত কি হ’ল ?