চিটাৰা ডেস্ক, 30 জুলাই: মন্দাকিনী হৈছে বলীউডৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী । যিয়ে উদ্যোগটোত নিজৰ এক বিশেষ স্থান বনাবলৈ সক্ষম হৈছিল ৷ ইয়াৰ লগতে নিজৰ সৌন্দৰ্য আৰু শৈলীৰে কোটি কোটি লোকৰ হৃদয়ত শাসন কৰিছিল ৷ কেৱল সাধাৰণ জনতাই নহয়, দাউদ ইব্ৰাহিমো মন্দাকিনীৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৷
হিন্দী ছবিৰ প্ৰবীণ অভিনেতা পৰিচালক তথা প্ৰযোজক ৰাজ কাপুৰে বলীউডত মন্দাকিনীৰ কেৰিয়াৰ গঢ়ি তুলিছিল । নীলা চকুজুৰি আৰু সুন্দৰ হাঁহিৰে মন্দাকিনীয়ে সেইসময়ত দখল কৰিছিল লাইমলাইট । আজি অভিনেত্ৰী গৰাকীৰ ৬০ সংখ্যক জন্মদিন । ছবিৰ উপৰিও ব্যক্তিগত জীৱনক লৈও বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল মন্দাকিনীয়ে । মন্দাকিনীৰ শৈলী দেখি আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিম তেওঁৰ প্ৰেমত পৰে, ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীৰ নাম দাউদ ইব্ৰাহিমৰ সৈতে জড়িত হৈ পৰে । অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ বিশেষ ক্ষণ উপলক্ষে তেওঁৰ জীৱনৰ সৈতে জড়িত কিছু কথা জানো আহক . . .
১৯৬৩ চনৰ ৩০ জুলাইত উত্তৰ প্ৰদেশৰ মেৰুটত জন্মগ্ৰহণ কৰিছিল মন্দাকিনিয়ে । অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম ইয়াছমীন জোচেফ। তেওঁৰ পিতৃ ব্ৰিটিছ আৰু মাতৃ কাশ্মীৰী । উদ্যোগটোত প্ৰৱেশ কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে নিজৰ নাম সলনি কৰি মন্দাকিনী কৰি লয় । মন্দাকিনীক বলীউড উদ্যোগত মুকলি কৰে ৰাজ কাপুৰে ৷ ৰাজ কাপুৰৰ আটাইতকৈ ডাঙৰ ছবি ‘ৰাম তেৰী গংগা মেলী’ৰ জৰিয়তে মন্দাকিনীক বলীউডত মুকলি কৰে । প্ৰথমখন ছবিৰ পৰাই মন্দাকিনীয়ে নিজৰ সৌন্দৰ্য আৰু মনোমোহা ৰূপৰ বাবে কোটি কোটি অনুৰাগীক উন্মাদ কৰি তুলিছিল । ইয়াৰ উপৰিও ৭০ ৰ দশকৰ অভিনেত্ৰীসকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল তেওঁৰ নাম, যি কেইগৰাকী অভিনেত্ৰীয়ে প্ৰথমখন ছবিতে অতি বল্ড দৃশ্য শ্বুট কৰিছিল ৷
ৰাজ কাপুৰে ‘ৰাম তেৰী গংগা মেলী’ৰ জৰিয়তে তেওঁৰ কনিষ্ঠ পুত্ৰ ৰাজীৱ কাপুৰকো বলীউডত মুকলি কৰিছিল । মন্দাকিনি আৰু ৰাজীৱ কাপুৰৰ ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় আৰু ছবিখনৰ বাবে মন্দাকিনীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে । প্ৰথমখন ছবিৰ পৰাই সফলতাৰ শিখৰত উপনীত হোৱা মন্দাকিনী আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ সুন্দৰী মন্দাকিনিয়ে নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে সকলোৰে হৃদয়ত স্থান দখল কৰিছিল । আটাইকেইজন প্ৰযোজক আৰু পৰিচালকে নিশাটোৰ ভিতৰতে প্ৰথমখন ছবিৰ পৰা তাৰকা হোৱা অভিনেত্ৰীগৰাকীক কাষ্ট কৰিব বিচাৰিছিল । অভিনেত্ৰীগৰাকীৰ এনে সৌন্দৰ্য আছিল যে আনকি আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমেও তেওঁৰ প্ৰেমত পৰিছিল ।