নিউজ ডেস্ক, 5 ডিচেম্বৰ:মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নেতাজী ইনড’ৰ ষ্টেডিয়ামত বিশেষ অতিথি ছলমান খানৰ সৈতে ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰে । তেওঁৰ উপৰিও বলীউডৰ তাৰকা অনিল কাপুৰ, সোনাক্ষী সিনহা, মহেশ ভাট, শত্ৰুঘ্ন সিনহা, সৌৰভ গাংগুলী আদি তাৰকা উপস্থিত থাকে এই অনুষ্ঠানত । মঙলবাৰৰ অনুষ্ঠানত ছলমান খানক বিশেষ সন্মান প্ৰদান কৰা হয় । টলীউডৰ অভিনেতা দেৱে ভাইজানক এই স্মাৰক অৰ্পণ কৰে ।
অনুষ্ঠানৰ আৰম্ভণিতে ড’না গাংগুলীৰ দলৰ নৃত্যৰে আদৰণি জনায় অতিথি আৰু প্ৰবীণ তাৰকাসকলক । তেওঁলোকে যি গীতত নৃত্য প্ৰদৰ্শন কৰিছিল, সেই গীতটি লিখিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ইয়াৰ উপৰিও মঙলবাৰে চলচ্চিত্ৰ মহোৎসৱৰ চিগনেচাৰ অডিঅ’-ভিজুৱেল প্ৰদৰ্শন কৰা হয় । ইয়াত ব্যৱহৃত গীতটো শ্ৰীজাথৰ ৰচনা আৰু অৰিজিৎ সিংয়ে কণ্ঠদান কৰিছে । গীতটো মঞ্চত পৰিবেশন কৰে ছলমান, সোনাক্ষী, শত্ৰুঘ্ন, অনিল কাপুৰ আদিয়ে । তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীও উপস্থিত হয় । কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰথমবাৰৰ বাবে ছবিগৃহ আৰু মাল্টিপ্লেক্সত প্ৰদৰ্শিত হ’ব ।
নন্দনকে ধৰি মহানগৰীৰ ২৩ টা চিনেমাগৃহত প্ৰদৰ্শিত হ’ব এই ছবি । গতিকে, চিনেমাপ্ৰেমীসকলে চহৰৰ যিকোনো প্ৰান্তত চিনেমা চোৱাৰ সুযোগ পাব । এইবাৰ প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে ১৫৯০ খন ছবি, ৭২খন বৈশিষ্ট্যপূৰ্ণ ছবি, ৫০ খন চুটি ছবি আৰু তথ্যচিত্ৰ দাখিল কৰা হয় । অপ্ৰতিযোগিতামূলক শাখাত ৯৭ খন ছবি । এইবাৰ ৩৯ খন দেশৰ পৰা চলচ্চিত্ৰৰ মনোনয়ন লাভ কৰা হৈছে । ইয়াত মুঠ ২১৯খন ছবি প্ৰদৰ্শিত হ’ব ।