অসম

assam

ETV Bharat / entertainment

Siddique Ismail Death: মালয়ালম পৰিচালক ছিদ্দিকী ইছমাইলৰ দেহাৱসান; ছবি জগতত শোকৰ ছাঁ

শেষ নিশ্বাস ত্যাগ কৰিলে মালয়ালম ছবিৰ প্ৰখ্যাত পৰিচালক ছিদ্দিকী ইছমাইলে । ছলমান খানৰ ছবি ‘বডিগাৰ্ড’ৰ পৰা আৰম্ভ কৰি ‘কাবুলীৱালা’লৈকে বহু ডাঙৰ ডাঙৰ ছবি পৰিচালনা কৰিছিল ছিদ্দিকীয়ে ।

By

Published : Aug 9, 2023, 10:35 AM IST

Malayalam director Siddique passes away
বডিগাৰ্ডৰ পৰিচালক ছিদ্দিকী ইছমাইল আৰু নাই

চিটাৰা ডেস্ক, 9 আগষ্ট: দক্ষিণৰ ছবিজগতৰ জনপ্ৰিয় পৰিচালক ছিদ্দিকী ইছমাইলৰ দেহাৱসান ৷ হৃদৰোগত আক্ৰান্ত হৈ 63 বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰে পৰিচালকগৰাকীয়ে ৷ লগতে নিউমোনিয়া আৰু যকৃতৰ সৈতে জড়িত ৰোগতো আক্ৰান্ত আছিল ছিদ্দিকী ৷ লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক কোচিৰ অমৃতা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ছিদ্দিকীক এক্সট্ৰাকৰ্প’ৰিয়েল মেমব্ৰেন অক্সিজেন (ECMO)ৰ সহায়ত ৰখা হৈছিল যদিও হঠাৎ হৃদযন্ত্ৰ বিকল হোৱাৰ বাবে মৃত্যুক আকোৱালি লয় ৷ ছিদ্দিকী মৃত্যু শোকৰ ছাঁ পৰিছে মালয়ালম চলচ্চিত্ৰ জগতখনত ।

ছিদ্দিকী ইছমাইলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ আৰু তেওঁৰ অনুৰাগীসকল । মৃত্যুৰ সময়ত পত্নী সাজিতা আৰু ৩ গৰাকী কন্যা সুমায়া, চাৰা আৰু সুকুনক ইহসংসাৰত এৰি থৈ যায় পৰিচালকগৰাকীয়ে ৷ ইফালে বহু তাৰকাই ছিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

উল্লেখ্য যে আজি পুৱা ৯ বজাৰ পৰা কদবন্তৰাৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত শেষ দৰ্শনৰ বাবে তেওঁৰ মৃতদেহ ৰখা হৈছে । জানিব পৰা মতে সন্ধিয়া ৬ বজাত ছিদ্দিকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

ছিদ্দিকী ইছমাইলে মালয়ালম, তামিল, তেলুগু আৰু বলীউডৰ ছবিও পৰিচালনা কৰিছে । বলীউডৰ ভাইজান ছলমান খানৰ হিট ছবি ‘বডিগাৰ্ড’ পৰিচালনা কৰিছিল ছিদ্দিকীয়ে ৷ ২০১১ চনত ছিদ্দিকীয়ে বডিগাৰ্ডৰ জৰিয়ত নিজৰ পৰিচালনাৰ ক্ষেত্ৰ খনত বিশেষ প্ৰভাৱ পেলাইছিল আৰু এই ছবিখন ছলমানৰ কেৰিয়াৰৰ এখন হিট ছবি হিচাপে প্ৰমাণিত হৈছিল । পৰৱৰ্তী সময়ত বডিগাৰ্ডৰ তামিল সংস্কৰণ ‘কাভালান’ পৰিচালনা কৰিছিল ছিদ্দিকীয়ে ।

১৯৮৯ চনত মালয়ালম ছবি ‘ৰামজী ৰাও স্পীকিং’ৰ জৰিয়তে ছিদ্দিকীয়ে পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁক চলচ্চিত্ৰ জগতলৈ অনাৰ কৃতিত্ব দিছিল চলচ্চিত্ৰ প্ৰযোজক ফাজিলক । অৱশ্যে পিছলৈ ছিদ্দিকীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্ট পৰিচালনাৰে পৰিচয় লাভ কৰিছিল ৷ তেওঁ ‘কাবুলীৱালা’, ‘ভিয়েটনাম কলনী’, ‘হৰিহৰ নগৰ’ আৰু ‘গডফাদাৰ’ আদি ছবি সফলতাৰে পৰিচালনা কৰিছিল । ছিদ্দিকীৰ শেষৰখন ছবি আছিল ‘মোহনলাল’ আৰু আৰবাজ খানৰ অভিনীত ‘বিগ ব্রাদাৰ’। ছবিখনে হিট হৈছিল আৰু অনুৰাগীৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ।

লগতে পঢ়ক:Vijay Raghavendra Wife Died: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বিজয় ৰাঘবেন্দ্ৰৰ পত্নীৰ

ABOUT THE AUTHOR

...view details