চিটাৰা ডেস্ক, 6 মাৰ্চ: নাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে এইবাৰ এগৰাকী মালয়ালম অভিনেত্ৰীৰ লগত ৷ অভিনেত্ৰী অনিকা বিজয়ী বিক্ৰমনে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ইয়াৰ পিচতেই তোলপাৰ লাগিছে সামাজিক মাধ্যম (Malayalam actress Anicka Vijayi Vikramman) ৷
প্ৰাক্তন প্ৰেমিক অনুপ পিল্লাই অভিনেত্ৰীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ গাৰ নোম শিয়ঁৰি যোৱা নিজৰ কেইখনমান আঘাতপ্ৰাপ্ত ফটোৰ লগতে হোৱাটছএপ মেছেজৰ স্ক্ৰিনশ্বট শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ লগতে অভিনেত্ৰীগৰাকীক চলোৱা মানসিক আৰু শাৰিৰীক অত্যাচাৰৰ বিষয়েও পোষ্টটোত উল্লেখ কৰে ৷
অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটোত লিখিছে, "মই ভাবুকিমূলক ফোন কল পাই আহিছো ৷ মোক আৰু মোৰ পৰিয়ালবৰ্গক নিৰন্তৰ অশান্তি কৰা হৈছিল ৷ প্ৰাক্তন প্ৰেমিকে মোক আক্ৰমণ কৰাৰ পূৰ্বে শেষৰ ছবিখন ক্লিক কৰা হৈছিল ৷ মই নতুনকৈ চুলি কাটি আহিছিলো দেখুৱাবলৈ বহুত উৎসাহিত হৈ আছিলো, যিয়েই নহওক সেয়া আছিল অতীত । এই সপ্তাহৰ পৰাই মই ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰিবলৈ আৰম্ভ কৰিম । মই ইনষ্টা মিছ কৰিলোঁ ।"
ইনষ্টাগ্ৰামৰ লগতে অভিনেত্ৰীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টতো এই সন্দৰ্ভত পোষ্ট কৰিছিল (Anicka Vikhramans Facebook post) । পোষ্টত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "অনুপ পিল্লাই মোক দ্বিতীয়বাৰৰ বাবে হাৰাশাস্তি কৰাৰ পিচত মই বাংগালুৰু আৰক্ষীত এজাহাৰ দাখিল কৰিছিলো । প্ৰথমে চেন্নাইত অনুপে মোক প্ৰহাৰ কৰিছিল । তাৰ পিচত সি কান্দি কান্দি এনেকুৱা ঘটনা আৰু জীৱনত নকৰে বুলি ক্ষমা খুজিছিল ৷ মই মূৰ্খ আছিলো ।" পুনৰ দ্বিতীয়বাৰৰ বাবে এই কাণ্ড তেওঁ কৰাৰ পাচত মই আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিলো ৷ কিন্তু অনুপে আৰক্ষীক ধন দি মোক পুনৰ আৱদ্ধ কৰি লয়। আৰক্ষী তেওঁৰ লগতে আছে বুলি মোক ভাবুকি দেখুৱাই মাৰপিট কৰি থাকিল ।"
লগতে ফেচবুকত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মই অনুপ পিল্লা নামৰ এজন ব্যক্তিৰ প্ৰেমত পৰিছিলো । যোৱা কেইবছৰমানৰ পৰা তেওঁ মোক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে। কেতিয়াও এনেকুৱা মানুহ দেখা নাই মই মোৰ জীৱনত । এই সকলোবোৰ কৰাৰ পিচত অনুপে মোক ভয় দেখুৱাই আছিল । মই সপোনতো ভৱা নাছিলো অনুপে মোৰ লগত ইমানখিনি কৰিব পাৰিব বুলি ৷"