চিটাৰা ডেস্ক, 19 নৱেম্বৰ :ছবি জগতৰ পৰা আহিছে এটা বেয়া খবৰ । জনপ্ৰিয় মালয়ালম চলচ্চিত্ৰ অভিনেতা বিনোদ থমাছৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ 45 বছৰ ৷ কিন্তু আশ্চৰ্যজনক কথা যে সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ ৷ দৰাচলতে কেৰালাৰ পাম্পাডি জিলাৰ সমীপৰ এখন হোটেলত ৰখাই থোৱা এখন বাহনৰ পৰা উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
কেনেকৈ মৃত্যু হ’ল অভিনেতাগৰাকীৰ ?
আৰক্ষীয়ে জনোৱা মতে, হোটেলৰ পাৰ্কিং লটত ৰখাই থোৱা এখন গাড়ীত এজন ব্যক্তি বহু সময় ধৰি আবদ্ধ হৈ আছিল । সেই কথা গম পাই হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী সেই স্থানত উপস্থিত হৈ অভিনেতাগৰাকীক গাড়ীৰ পৰা উলিয়াই ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যেই বিনোদৰ মৃত্যু হৈছিল ৷ অৰ্থাৎ হাস্পতালত নিয়াৰ পূৰ্বেই মৃত্যু হৈছিল বিনোদৰ ।
সংবাদ মাধ্যমক দিয়া এক বিবৃতিত আৰক্ষীয়ে কয়, ‘‘আমি অভিনেতাগৰাকীক গাড়ীৰ ভিতৰত পাইছিলো আৰু তাৰ পিচত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছিলো । কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে’’ ।