চিটাৰা ডেস্ক, 23 এপ্ৰিল: বলীউডৰ দুই জনপ্ৰিয় তাৰকা মালাইকা আৰু অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সৰ্বজনবিদিত ( Malaika Arora on relationship with Arjun Kapoor) ৷ দুয়োৱে কেতিয়াও তেওঁলোকৰ সম্পৰ্কৰ কথা লুকুৱাই ৰখা নাছিল ৷ দুয়োৰে মাজত থকা বয়সৰ ব্যৱধানৰ বাবে মালাইকা আৰু অৰ্জুনে বহুত সমালোচনাৰ সন্মুখীন হৈছিল ৷ আজিও তেওঁলোকে এনেধৰণৰ কটু মন্তব্য শুনিব লগীয়া হয় (Malaika Arora on women dating younger men) ৷
অলপতে মালাইকা এখন আলোচনীৰ ক’ভাৰ পেজত উপস্থাপন হৈছিল ৷ আলোচনীখনৰ সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ পিছৰ নিজৰ জীৱন প্ৰণালীৰ কথা কৈছিল ৷ লগতে তেওঁতকৈ 12 বছৰ সৰু অভিনেতা অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ বাবে সন্মুখীন হোৱা তিক্ত অভিজ্ঞতাৰ কথাও মুকলিকৈ প্ৰকাশ কৰে ৷ ভাৰতীয় সমাজত কম বয়সৰ পুৰুষৰ সৈতে প্ৰেমক অপৱিত্ৰ বুলি গণ্য কৰা হয় বুলিও তেওঁ উল্লেখ কৰে ৷