চিটাৰা ডেস্ক, 10 নৱেম্বৰ :বলীউড ডিভা মালাইকা আৰোৰাই তেওঁৰ নতুন ছ’চিয়েল মিডিয়া পোষ্টটোৰে অনুৰাগীৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে । মালাইকাই নিজৰ নতুন পোষ্টটোত এনেকুৱাকৈ লিখিছে যিয়ে এতিয়া প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ বিয়াৰ চৰ্চা অধিক তীব্ৰতৰ কৰি তুলিছে । এই বছৰতেই বিয়াত বহিব বুলি আশা কৰা হৈছে দুই তাৰকা (Malaika Arora and Arjun Kapoor marriage) ৷
এতিয়া অনুৰাগী সকলে অপেক্ষা কৰিছে কেতিয়া মালাইকাই এই পোষ্টটো সন্দৰ্ভত সকলো তথ্য খোলাখুলিকৈ প্ৰকাশ কৰিব । কিছু সময় পূৰ্বে মালাইকা আৰোৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কেপছনত লিখিছে, ‘আই ছেইড ইয়েছ’ । মালাইকাই এই কেপছনৰ সৈতে গুলপীয়া হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে । এতিয়া মালাইকাৰ অনুৰাগীয়ে অভিনন্দন জনাইছে আৰু বিয়াৰ তাৰিখ প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছে । এই পোষ্টটো শ্বেয়াৰ হোৱাৰ এঘণ্টাও হোৱা নাই আৰু 1 লাখৰো অধিক অনুৰাগীয়ে লাইক কৰিছে ।