চিটাৰা ডেস্ক, 25 জুলাই: ২০০০ চনৰ ২৫ জুলাইত বিহাৰৰ মধুবনী জিলাৰ এখন সৰু গাঁও বেনীপট্টিত জন্মগ্ৰহণ কৰা মৈথিলী ঠাকুৰক আজি আৰু বেলেগ পৰিচয়ৰ প্ৰয়োজন নাই । সংগীত ক্ষেত্ৰত জনপ্ৰিয় হৈ পৰা বিহাৰৰ কন্যা হিচাপে পৰিচিত মৈথিলীয়ে মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা । জন্মদিনৰ বিশেষ ক্ষণত জানো আহক মৈথিলীৰ বিষয়ে কিছু নজনা কথা ৷
শৈশৱৰ পৰাই সংগীতৰ লগত জড়িত হৈ পৰিছিল মৈথিলী
সৰুৰে পৰাই সংগীতৰ সহযোগিতা লাভ কৰিবলৈ আৰম্ভ কৰিছিল মৈথিলীয়ে । আচলতে তেওঁৰ পিতৃ পেছাত এগৰাকী সংগীত শিক্ষক, আনহাতে মাতৃ ভাৰতী ৰমেশ ঠাকুৰ এগৰাকী গৃহিণী । মৈথিলীৰ দুই ভাতৃ ঋষভ ঠাকুৰ আৰু অয়চি ঠাকুৰেও সংগীতৰ বিষয়ে বহু কথা জানে ৷
দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে মৈথিলীয়ে
মৈথিলী ঠাকুৰৰ শিক্ষাৰ কথা ক’বলৈ প্ৰাৰম্ভিক শিক্ষা গাঁৱতে সম্পন্ন হৈছিল মৈথিলীৰ । ইয়াৰ পিচত মৈথিলীৰ সমগ্ৰ পৰিয়ালটো দিল্লীলৈ গুচি যায়, দিল্লীৰ বাল ভৱন ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা মৈথিলীয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰে । ইয়াৰ পিচত মৈথিলীয়ে দিল্লীৰ আত্মৰাম সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।