অসম

assam

By

Published : Jun 1, 2023, 2:10 PM IST

ETV Bharat / entertainment

Guntur Kaaram teaser out : পিতৃৰ জন্মদিন উপলক্ষে মহেশ বাবুৰ অভিনীত SSMB28 শিৰোনাম গুন্টুৰ কাৰমৰ টিজাৰ মুকলি

ছুপাৰষ্টাৰ মহেশ বাবুৱে নিজৰ টুইটাৰ একাউন্টত প্ৰয়াত পিতৃ কৃষ্ণৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ আগন্তুক ছবিখনৰ শিৰোনাম আৰু টিজাৰ মুকলি কৰে (Guntur Kaaram teaser out)।

mahesh-babu-starrer-ssmb28-titled-guntur-kaaram-teaser-out
গুন্টুৰ কাৰমৰ টিজাৰ মুকলি

চিটাৰা ডেস্ক, 1 জুন: তেলেগু ছুপাৰষ্টাৰ মহেশ বাবুৱে পিতৃ তথা অভিনেতা কৃষ্ণাৰ জন্মদিনত তেওঁৰ আগন্তুক ছবিৰ শিৰোনাম আৰু টিজাৰ শ্বেয়াৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Mahesh Babu)। নিজৰ টুইটাৰ একাউন্টত মহেশ বাবুৱে পোষ্টাৰখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, "আজি আৰু অধিক বিশেষ ! নান্না, এইটো আপোনাৰ বাবে ।" পৰৱৰ্তী পোষ্টত তেওঁ গুন্টুৰ কাৰাম শীৰ্ষক ছবিখনৰ পোষ্টাৰ উন্মোচন কৰে । পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁ লিখিছে, "অতি জ্বলনশীল! #GunturKaaram।"

ছবিখনৰ আংশিক শিৰোনাম আছিল SSMB28 (Guntur Kaaram) । ২০২৪ চনৰ ১৩ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ছবিখন । মুকলি কৰা টিজাৰত মহেশ বাবুৱে হাতত লাঠি লৈ একচনত নামি পৰে, কিয়নো সকলোৱে মিৰ্চি য়াৰ্ডত তেওঁৰ বাবে অপেক্ষা কৰি আছে (Mahesh Babu in SSMB28) । ইয়াৰ পূৰ্বে বুধবাৰে মুক্তি পোৱা এছ এছ এম বি ২৮ ৰ প্ৰথম লুকত মহেশ বাবুক ডেপাৰ দেখা গৈছিল । পিচত সন্ধিয়া টিজাৰ আৰু ছবিখনৰ শিৰোনাম উন্মোচন কৰে ছুপাৰষ্টাৰ আৰু নিৰ্মাতাসকলে । পূৰ্বতে SSMB 28 নামেৰে নামাকৰণ কৰা ছবিখনৰ এতিয়াৰ নাম হৈছে গুন্টুৰ কাৰাম ।

ইফালে কিংবদন্তি অভিনেতা কৃষ্ণাক শ্ৰদ্ধাঞ্জলি জনাই টিজাৰৰ সামৰণি পৰে (Krishna birth anniversary)। ত্ৰিবিক্ৰম শ্ৰীনিবাসৰ নেতৃত্বত ইয়াৰ পূৰ্বে অভিনেতা আৰু পৰিচালকে ব্লকবাষ্টাৰ হিট ছবি আথাডু আৰু খালেজাৰ বাবে সহযোগিতা কৰিছিল আৰু ১২ বছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত এই যুটিটোৱে পুনৰবাৰ এক বৃহৎ বাজেটৰ প্ৰজেক্টৰ বাবে একত্ৰিত হ’বলৈ সাজু হৈছে ।

যিহেতু আজি তেওঁৰ যুগৰ অন্যতম শীৰ্ষ তথা প্ৰবীণ অভিনেতা ঘট্টামনেনী কৃষ্ণাৰ জন্ম বাৰ্ষিকী । ঘট্টামনেনী শিৱ ৰাম কৃষ্ণা মূৰ্তি নামেৰে পৰিচিত কৃষ্ণাই প্ৰায় ৩৫০ খন ছবি নিৰ্মাণ কৰিছিল (Mahesh Babu SSMB28 title revealed) । তেওঁ এজন প্ৰযোজক আৰু পৰিচালকো আছিল । ২০০৯ চনত পদ্মভূষণ বঁটা লাভ কৰে । ১৯৬৫ চনত অদুৰ্থী চুব্বা ৰাওৰ ৰোমান্টিক নাটক থেনে মনছুলুৰ জৰিয়তে তেলেগু ছবি জগতত আত্মপ্ৰকাশ কৰিছিল ৷ তেখেতে ২০২২ চনৰ ১৫ নৱেম্বৰত স্বাস্থ্যজনিত সমস্যাৰ বাবে হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে । (ANI)

লগতে পঢ়ক:Chamkila Teaser OUT : চামকিলাৰ টিজাৰ মুক্তি, নতুন ৰূপত পাঞ্জাবী তাৰকা দিলজিৎ দোসাঞ্জ

ABOUT THE AUTHOR

...view details