অসম

assam

ETV Bharat / entertainment

Police Control Received Threat : দেশৰ বহু বিখ্যাত ব্যক্তিৰ বাসগৃহত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি - মেগাষ্টাৰ অমিতাভ বচ্চন

মেগাষ্টাৰ অমিতাভ বচ্চনকে ধৰি এইসকল চেলিব্ৰিটি বৰ্তমান সন্ত্ৰাসবাদীৰ টাৰ্গেটত ৷ আৰক্ষী থানাত ফোনযোগে বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদান অচিনাকি ব্যক্তিৰ (Police Control Received Threat) ৷ সতৰ্কবাণী জাৰি আৰক্ষীৰ ৷ কিন্তু কোনে প্ৰদান কৰিলে এই ভাবুকি ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

MAHARASHTRA NAGPUR POLICE CONTROL RECEIVED THREAT TO BLOW UP HOUSES OF AMITABH BACHCHAN MUKESH AMBANI AND DHARMENDRA
বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি

By

Published : Mar 1, 2023, 10:35 AM IST

চিটাৰা ডেস্ক, 1 মাৰ্চ: বলীউডৰ বহু জনপ্ৰিয় তাৰকাৰ সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ ৷ এজন অচিনাক্ত দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে তাৰকা চেলিব্ৰিটিক ৷ কেৱল চেলিব্ৰিটিকে নহয়, বহু উদ্যোগপতিকো টাৰ্গেট কৰি লৈছে অচিনাক্ত দুৰ্বৃত্তটোৱে ৷ টাৰ্গেট কৰি লোৱা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু উদ্যোগপতি মুকেশ আম্বানী। কিন্তু কোনে আৰু কিয় টাৰ্গেট কৰি লৈছে এওঁলোকক ? আৰু কেনেকৈ টাৰ্গেট কৰি লৈছে ?

ঘটনাৰ বিৱৰণী অনুসৰি, চেলিব্ৰিটি তথা উদ্যোগপতিসকলৰ বাসগৃহত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদান কৰিছে কোনো অচিনাকি ব্যক্তিয়ে ৷ এজন অচিনাকি ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষী নিয়ন্ত্ৰণ শাখাত ফোনযোগে প্ৰদান কৰিছে এই ভাবুকি ৷ আৰক্ষীয়ে ফোন কলটো পোৱাৰ পিচতে আৰম্ভ কৰিছে তদন্ত (Police Control Received Threat) ৷

জানিব পৰা মতে, এজন অচিনাকি ব্যক্তিয়ে মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰ আৰক্ষী কণ্ট্ৰ’ললৈ ফোন কৰি উদ্যোগপতি মুকেশ আম্বানীৰ লগতে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বাসগৃহত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি প্ৰদান কৰিছিল ৷ লোকজনে ফোনত মুকেশ আম্বানীৰ বাসগৃহৰ বিষয়ে কয় যে আম্বানীৰ এন্টিলিয়াৰ বিলাসী বাসগৃহত বিস্ফোৰণ ঘটাব । ইফালে অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰৰ ঘৰতো ডাঙৰ বোমা বিস্ফোৰণ হ’ব বুলি ভাবুকি প্ৰদান কৰে (Nagpur Police Control Received Threat call) ।

ভাবুকিৰ প্ৰদান কৰা এই ফোনৰ পিচতে নাগপুৰ আৰক্ষীয়ে এই তথ্য মুম্বাই পুলিচক দিয়ে ৷ ইয়াৰ পিচতে মুম্বাই আৰক্ষীয়ে ফোনযোগে ভাবুকি প্ৰদান কৰা ব্যক্তিজনক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে বিগত কেইদিনমানৰ পৰা মুম্বাই আৰক্ষীৰ দক্ষিণ নিয়ন্ত্ৰণ কক্ষ আৰু মুম্বাইৰ কিছু অঞ্চলতো বোমা বিস্ফোৰণৰ বিষয়ে ফোন আহিছিল ৷ তাৰ পিচতে মুম্বাই আৰক্ষীয়ে তৎপৰতা দেখুৱাই মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে দহানু নামৰ ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ফোনযোগে ভাবুকি প্ৰদান কৰা ব্যক্তিক (Nagpur caller issues bomb threat) ।

উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা ভাবুকি দিয়া কলৰ সংখ্যা বৃদ্ধি পাইছে ৷ ভাবুকি প্ৰদান কৰা এনে কলসমূহৰ পৰা এটা বস্তু বুজিব পাৰি যে মুম্বাই বৰ্তমান সন্ত্ৰাসবাদীৰ লক্ষ্যত । যোৱা মাহত মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত এটা ফোন আহিছিল, য’ত এজন অচিনাকি ব্যক্তিয়ে বিদ্যালয়খন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল । কেৱল ইমানেই নহয়, বিগত বৰ্ষৰ অক্টোবৰ মাহত এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালখনতো এটা ফোন আহিছিল, য’ত এজন অজ্ঞাত দুৰ্বৃত্তই হাস্পতালখন উৰুৱাই আম্বানী পৰিয়ালক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ।

লগতে পঢ়ক:Samantha Ruth Prabhu Injured : শ্বুটিঙত কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল সামান্থা ৰুথ প্ৰভু ?

ABOUT THE AUTHOR

...view details