চিটাৰা ডেস্ক, 6 অক্টোবৰ:অভিনেতা ৰণবীৰ কাপুৰৰ পিচত এতিয়া মহাদেৱ বেটিং এপ গোচৰত ইডিৰ নিৰীক্ষণত হুমা কুৰেশ্বীকে ধৰি আন বহু তাৰকা । ইডিয়ে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী হুমা কুৰেশী, শ্ৰদ্ধা কাপুৰ, টিভি অভিনেত্ৰী হিনা খান আৰু জনপ্ৰিয় টিভি কমেডিয়ান কপিল শৰ্মালৈ চমন জাৰি কৰিছে ।
ইডিয়ে 4 অক্টোবৰত অৰ্থাৎ বুধবাৰে ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছিল ৷ চমন অনুসৰি ৬ অক্টোবৰত ছত্তীশগড়ৰ ৰায়পুৰত থকা ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৰণবীৰ কাপুৰক । অৱশ্যে শেহতীয়া খবৰ অনুসৰি ৰণবীৰে ইডিলৈ মেইলযোগে 2 সপ্তাহৰ সময় বিচাৰিছে । ইয়াৰ আঁৰত অভিনেতাগৰাকীয়ে পাৰিবাৰিক কাৰণ আৰু পূৰ্বে কামৰ বাবে কৰা প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে । সংবাদ মাধ্যমৰ শেহতীয়া খবৰ অনুসৰি এই গোচৰত কেৱল ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰ, হুমা কুৰেশ্বী , হিনা খান আৰু কপিল শৰ্মাৰ নামেই অন্তৰ্ভুক্ত নহয়, টিভি আৰু বলীউড জগতৰ আন বহু চেলিব্ৰিটিৰ নামো জড়িত হৈ আছে ।
খবৰ অনুসৰি এই তালিকাত ছানী লিয়নী, পাকিস্তানী গায়ক আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, বলীউডৰ কণ্ঠশিল্পী নেহা কক্কড়, সংগীত পৰিচালক বিশাল দাদলানীৰ নামো আছে । অৱশ্যে বৰ্তমান এই চেলিব্ৰিটিসকলৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ।