অসম

assam

By

Published : Jun 5, 2023, 2:12 PM IST

ETV Bharat / entertainment

Gufi Paintal Passes Away: চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে শকুনি মামাই

প্ৰবীণ অভিনেতা গুফী পেইন্টালৰ দেহাৱসান । যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ যুঁজি আছিল অভিনেতাগৰাকী ৷

mahabharat shakuni mama actor gufi paintal passes away at the age of 78
গুফী পেইণ্টালৰ শেষ নিশ্বাস ত্যাগ

চিটাৰা ডেস্ক, 5 জুন: মনোৰঞ্জনৰ পৃথিৱীৰ পৰা শেহতীয়াকৈ আহিছে এটাৰ পিচত আনটো দুখবৰ ৷ যেন কাৰোবাৰ কু-দৃষ্টি পৰিছে চলচ্চিত্ৰ জগতখনত । ইগৰাকীৰ পিচত সিগৰাকীকৈ চেলিব্ৰিটিৰ মৃত্যুৱে হতচকিত কৰি তুলিছে সকলোকে ৷ শেহতীয়াকৈ প্ৰবীণ অভিনেত্ৰী সুলোচনা লটকাৰৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সকলোকে ৷ কিন্তু প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ মাৰ নৌযাওতেই এই উদ্যোগটোৰ পৰা আহিছে আন এক দুখবৰ ৷

মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা প্ৰবীণ অভিনেতা গুফী পেন্টালৰ দেহাৱসান ৷ মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে । গুফী পেইণ্টালৰ ভতিজা হিটেন পেইণ্টলে জনোৱা মতে, আজি পুৱা প্ৰায় ৯ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ ।

যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ যুদ্ধত যুঁজি আছিল গুফী পেইণ্টাল

যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰে যুঁজি থকা গুফী পেইণ্টাল চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল । কিন্তু দুদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ বহু উন্নতি দেখিবলৈ পোৱা গৈছিল আৰু এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকসকল আশাবাদী হৈ পৰিছিল যে তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিব । কিন্তু দুৰ্ভাগ্যবশতঃ আজি জীৱন যুদ্ধত পৰাস্ত হয় অভিনেতাগৰাকী । আজি বিয়লি প্ৰায় ৪ বজাত ওশিৱাৰা শ্মশানত অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব ।

টিনা ঘাইয়ে গুফী পেইণ্টালৰ অসুস্থতাৰ বিষয়ে অৱগত কৰে

উল্লেখ্য যে অভিনেত্ৰী টিনা ঘাই প্ৰথমে গুফী পেইণ্টালৰ স্বাস্থ্য সম্পৰ্কে এটা আপডেট শ্বেয়াৰ কৰিছিল । টিনা ঘাইয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে, "গুফী পেইণ্টাল জী বিপদত পৰিছে, সোনকালে আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক ৷"

টিভি আৰু ছবিত অভিনয় কৰিছে গুফীয়ে

গুফী পেইন্টালে নিজৰ কেৰিয়াৰত বহু টিভি ধাৰাবাহিক আৰু ছবিত কাম কৰিছিল । ১৯৭৫ চনৰ ‘ৰাফু চক্কৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল । কিন্তু বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে।

লগতে পঢ়ক:Aamir Raza Hussain Death: জনপ্ৰিয় অভিনেতা-পৰিচালক তথা নাট্যশিল্পী আমিৰ ৰাজা হুছেইন আৰু নাই

ABOUT THE AUTHOR

...view details