চিটাৰা ডেস্ক, 2 মাৰ্চ: ছুপাৰষ্টাৰ ৰজনীকান্তৰ সন্দৰ্ভত লাইকা প্ৰডাকচনে কৰিছে এক ডাঙৰ ঘোষণা । ‘জয় ভীম’ৰ পৰিচালক টি জে গ্নাভেলৰ সৈতে নিজৰ জীৱনৰ ১৭০ সংখ্যক ছবি নিৰ্মাণ কৰিব ৰজনীকান্তে ৷ ছবিখনৰ আংশিক শিৰোনাম হ’ব ‘থালাইভাৰ ১৭০’। ইয়াৰ শ্বুটিং অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । সম্প্ৰতি ৰজনীকান্ত তেওঁৰ আগন্তুক ছবি ‘জেলাৰ’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে । ‘জেলাৰ’ তেওঁৰ ১৬৯ সংখ্যক ছবি (Official announcement on Rajinikanths 170th movie)।
নিৰ্মাতাসকলে অধ্যক্ষ সুবাস কৰণৰ জন্মদিন উপলক্ষে ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি বৃহৎ ঘোষণা কৰিছে । পোষ্টটোত লিখিছে, ‘লাইকা প্ৰডাকচনৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ থালাইভাৰ ১৭০ নামৰ ছবিখন ঘোষণা কৰি আমি সুখী আৰু সন্মানিত হৈছো । এই ছবিখন পৰিচালনা কৰিব টি জে জ্ঞানভেলে । ছবিখনত থাকিব ৰকষ্টাৰ অনিৰুদ্ধৰ সংগীত । জি কে এম তামিল কুমাৰনৰ নেতৃত্বত অতি সোনকালে আৰম্ভ হ’ব ছবিখন শ্বুটিং আৰু ২০২৪ চনত মুক্তি লাভ কৰিব ছবিখন ।
থালাইভাৰ ১৭০ কি ?
খবৰ অনুসৰি, থালাইভাৰ ১৭০ ছবিখন এখন সঁচা ঘটনাৰ আধাৰত নিৰ্মিত হ’ব (Thalaivar 170 release announced) । এই ছবিখনত ৰজনীকান্তক আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । টি জে জ্ঞানভেলে তেওঁৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি ‘জয় ভীম’ৰ দৰে সামাজিক বাৰ্তাৰে এখন শক্তিশালী ছবি দিয়াৰ পৰিকল্পনা কৰিছে ।