চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ:২০ ছেপ্টেম্বৰত অৰ্থাৎ বুধবাৰে বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে উদযাপন কৰে নিজৰ ৭৫ সংখ্যক জন্মদিন । স্পষ্টবাদী শৈলীৰ বাবে জনপ্ৰিয় মহেশ ভাটে হিন্দী চিনেমালৈ আগবঢ়াইছে বিপুল অৱদান । চাৰি দশক ধৰি এই উদ্যোগটোত শাসন কৰি অহা মহেশ ভাটে হিন্দী চিনেমাক বহু ছবি প্ৰদান কৰিছে ।
ইফালে নিৰ্মাতাগৰাকীৰ জন্মদিনৰ শুভ ক্ষণ উপলক্ষে তেওঁৰ মৰমৰ কন্যা তথা বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে তেওঁৰ পিতৃক এক বিশেষ ৰূপত জন্মদিনৰ শুভেচ্ছা জনাইছে । আলিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু আনচিন ছবি শ্বেয়াৰ কৰিছে ।
পিতৃক বিশেষ ধৰণেৰে জন্মদিনৰ শুভেচ্ছা জনাইছিল আলিয়াই
আলিয়াই ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছে ৷ প্ৰথম ফটোখন আলিয়াৰ শৈশৱৰ, য’ত তেওঁক দেউতাকৰ কোলাত বহি থকা দেখা গৈছে । দ্বিতীয়খন ফটোত আলিয়াই দেউতাকৰ সৈতে চেলফি তুলি থকা দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি আলিয়াই কেপচনত লিখিছে, "বেক টু দ্য মুন এগেইন, লাভ ইউ পাপা, আপোনাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, আপুনি এজন অতি বুদ্ধিমান ব্যক্তি ।"
উল্লেখ্য যে, ২০২০ চনত মুক্তি পোৱা ‘ছড়ক ২’ ছবিখনত আলিয়া ভাটে প্ৰথমবাৰৰ বাবে পিতৃ মহেশ ভাটৰ সৈতে কাম কৰিছিল । অ’টিটি প্লেটফৰ্ম ডিজনী হটষ্টাৰত মুক্তি পোৱা এই ছবিখনত আলিয়াৰ উপৰিও সঞ্জয় দত্ত আৰু আদিত্য ৰায় কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।