অসম

assam

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:25 PM IST

ETV Bharat / entertainment

Lokesh Kanakaraj injured : লিঅ’ৰ সফলতা সভাত অনুৰাগীৰ ব্যাপক ভিৰ, আহত পৰিচালক লোকেশ কানাগৰাজ

কেৰালাত অনুষ্ঠিত হোৱা লিঅ’ৰ সফলতা সভাত আহত হয় পৰিচালক লোকেশ কানাগৰাজ । পৰিস্থিতি দেখি লাঠিচাৰ্জ কৰিবলগীয়া হয় আৰক্ষীয়ে ৷

Lokesh Kanagaraj injured during Leo promotions in Kerala, cut shorts visit following mishap
লোকেশ কানাগৰাজ আহত

চিটাৰা ডেস্ক, 24 অক্টোবৰ:দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ অভিনীত ছবি ‘লিঅ’ মুক্তিৰ আজি ছয় দিন পাৰ হ’ল ৷ কিন্তু মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছবিখন ৷ বক্স অফিচত ছবিখনৰ উৎকৃষ্ট প্ৰদৰ্শনৰ পৰা ক’ব পাৰি যে এই ছবিখনক দৰ্শকে পছন্দ কৰিছে । ইয়াৰ মাজতে এতিয়া লিঅ’ৰ পৰিচালক লোকেশ কানাগৰাজ বিষয়ে এটা খবৰ পোৱা গৈছে ৷ দৰাচলতে পৰিচালক কানাগৰাজ আহত হোৱাৰ খবৰ পোৱা গৈছে । তথ্য অনুসৰি কেৰালাত আয়োজিত লিঅ’ ছাকচেছ মিটৰ সময়তে আহত হয় লোকেশ । ছবিৰ প্ৰচাৰৰ বাবে পলাক্কাডৰ আৰোমা থিয়েটাৰত উপস্থিত হোৱা লোকেশ কানাগৰাজক চাবলৈ অনুৰাগীয়ে ভিৰ কৰিছিল ।

পৰিচালকজনক এবাৰ ওচৰৰ পৰা চাবলৈ অহা ভিৰৰ পৰা হুলস্থুলৰ সৃষ্টি হৈছিল, য’ত পৰিচালক লোকেশ আঘাতপ্ৰাপ্ত হয় । একে সময়তে অনুৰাগীৰ বিশাল অনিয়ন্ত্ৰিত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল । যদিও লিঅ’ ছবিৰ কেৰালা বিতৰক গোকুলাম মুভিজে থিয়েটাৰ প্ৰচাৰৰ সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল কিন্তু অনুৰাগীয়ে সকলো বাধাকো আওকাণ কৰি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় । যাৰ ফলত লোকেশৰ ভৰিত আঘাত লাভ কৰে । ইয়াৰ পিচত পৰিচালকজনে পলাক্কাড কাৰ্যসূচীৰ পৰা উভতি অহাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে, আজি কানাগৰাজে কেৰালাৰ আৰু ২ খন জিলাত নাট্য প্ৰচাৰত অংশগ্ৰহণ কৰাৰ কথা আছিল । ইফালে এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত থ্ৰিছুৰ ৰাগম থিয়েটাৰ আৰু কোচি কবিতা থিয়েটাৰত আজি অনুষ্ঠিত হ’বলগীয়া থিয়েটাৰ বাতিল কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ আজি কোচিত অনুষ্ঠিত হ’বলগীয়া সংবাদমেলখনো আন এটা দিনলৈ পিছুৱাই দিয়া হৈছে । লিঅ’ ছবিখনত বিজয়ৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তৃষা কৃষ্ণন, সঞ্জয় দত্ত আৰু অৰ্জুন সৰ্জাই । খবৰ অনুসৰি থালাপথীৰ ‘লিঅ’ই সমগ্ৰ বিশ্বতে এই পৰ্যন্ত ৪০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে ।

লগতে পঢ়ক:PM Modi On Salman Khan: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছলমান খানৰ নাম, কিন্তু কি প্ৰসংগত ?

ABOUT THE AUTHOR

...view details