বলীউডৰ লগতে দক্ষিণৰ ছবিতো নিজৰ অদ্ভূত অভিনয় প্ৰদৰ্শন কৰা মৃণাল ঠাকুৰ আজিকালি বাতৰিৰ শিৰোনাম দখল কৰিছে । কিছুদিনৰ পৰা তেলুগু অভিনেতাৰ সৈতে মৃণাল ঠাকুৰৰ বিবাহৰ খবৰ ছ’চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে । এই ভাইৰেল খবৰবোৰক লৈ বৰ্তমান মৃণালে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শুকুৰবাৰে মৃণালে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’বাৰ্তাৰ জৰিয়তে এই বিষয়ে খুলি কয়, য’ত অভিনেত্ৰীগৰাকীয়ে কয় যে আপোনালোকৰ হৃদয় ভাঙিবলৈ পাই মই বহুত দুখ পাইছো বন্ধুসকল...!
এয়া সম্পূৰ্ণ এই উৰাবাতৰি
মৃণাল ঠাকুৰে ইনষ্টাগ্ৰামৰ ষ্ট’ৰী ছেকচনত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । য'ত অভিনেত্ৰীগৰাকীয়ে কোৱা দেখা গ'ল- 'তোমালোকৰ হৃদয় ভাঙিবলৈ পাই বৰ দুখ পাইছো বন্ধুসকল ।' যোৱা এঘণ্টা ধৰি মোক অবিৰতভাৱে ফোন কৰি থকা সকলো ষ্টাইলিষ্ট, ডিজাইনাৰ, বন্ধু-বান্ধৱী আৰু পৰিয়ালে, যেতিয়া তেওঁলোকে জানিলে যে যে মই তেলুগু যুৱক এজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছো । মইও জানিব বিচাৰো এই যুৱকজন কোন ? দ্বিতীয়তে ক্ষমা কৰিব কিন্তু এইটো এটা সম্পূৰ্ণ উৰাবাতৰি ।
মৃণালে নেটিজেনক দিলে এই উত্তৰ