চিটাৰা ডেস্ক, 15 মাৰ্চ: পুনৰ চৰ্চালৈ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ অপৰাধাত কাৰাবন্দী হৈ থকা লৰেন্স বিষ্ণই (Sidhu Moose Wala murder case) ৷ পুনৰবাৰ বলীউডৰ ভাইজান ছলমান খানক ভাবুকি প্ৰদান কৰে লৰেন্সে (Lawrence Bishnoi threatened Salman Khan) ৷ ভাবুকি প্ৰদান কৰি লৰেন্স কয় যে ছলমান খানে ক’লা হৰিণা চিকাৰৰ গোচৰত ক্ষমা খুজিব লাগিব নহ’লে ছলমান খানক উপযুক্ত উত্তৰ দিয়া হ’ব বুলিও উল্লেখ কৰে ।
জানিব পৰা মতে গেংষ্টাৰ লৰেন্স বিষ্ণইয়ে কাৰাগাৰৰ পৰা দিয়া এক সাক্ষাৎকাৰত কয়, "মই নিজে সিদ্ধু মুছেৱালাক হত্যা কৰা নাছিলো, হত্যাকাণ্ডটো গোল্ডি ব্ৰাৰক দি সংঘটিত কৰাইছিলো ৷" পুনৰবাৰ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক ভাবুকি দি কয় যে মই তেওঁক টকাৰ বাবে নহয়, আন কিবা উদ্দেশ্যত হত্যা কৰিবলৈ চেষ্টা কৰিম (Salman Khan blackbuck hunting Case) ।
লৰেন্স বিষ্ণইয়ে লগতে কয় যে ছলমান খানে ক’লা হৰিণা চিকাৰৰ ক্ষেত্ৰত সমাজৰ ওচৰত যদি ক্ষমা খুজিব নোৱাৰে, তেন্তে সময় আহিলে ছলমানক উত্তৰ দিয়া হ’ব । অৱশ্যে কাৰাবন্দীত থাকি কুখ্যাত অপৰাধী লৰেন্স বিষ্ণইয়ে কেনেদৰে ভিডিঅ’ ইন্টাৰভিউ দি আছে সেয়া তদন্তৰ বিষয় (Lawrence Bishnoi threatened Salman Khan Once Again) ।