অসম

assam

ETV Bharat / entertainment

পিতৃ দিৱসত কে কে স্মৰণ কৰি উচুপি উঠিল জীয়ৰী তামাৰা - Remembering KK

পিতৃ দিৱসৰ দিনটোত সদ্য়প্ৰয়াত গায়ক কে কেৰ জীয়ৰী তামাৰাই পিতৃক স্মৰণ কৰি দিয়া আৱেগিক পোষ্টটোৱে আপোনাৰ চকুও সেমেকাই তুলিব ৷ চাওক পোষ্টটো-

kk's daughter taamara
পিতৃ দিৱসত কে কে স্মৰণ কৰি উচুপি উঠিল জীয়ৰী তামাৰা

By

Published : Jun 20, 2022, 4:49 PM IST

চিটাৰা ডেস্ক, 20 জুন:19 জুনত পিতৃ দিৱস উপলক্ষে কে কেৰ জীয়ৰী তামাৰাই পিতৃৰ স্মৃতিত ছ'চিয়েল মিডিয়াত নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে (Remembering KK)। সেই পোষ্টটো দেখি আৱেগিক হৈ পৰিছে গায়কজনৰ অনুৰাগীসকল ৷

তামাৰাই লিখিছে, "মই আপোনাক হেৰুওৱাৰ বেদনা 100 বাৰলৈয়ো লম, যদি এক ছেকেণ্ডৰ বাবেও মই আপোনাক দেউতা হিচাপে পাব পাৰো, আপোনাৰ অবিহনে জীৱন অন্ধকাৰ পাপা,আপুনি সৰ্বশ্ৰেষ্ঠ পিতৃ আছিল ৷ অনুষ্ঠানৰ পৰা আহি আমাৰ লগত শুবলৈ আৰু আমাক আলিঙ্গন কৰিবলৈ অপেক্ষা কৰিছিল আপুনি" ৷ তামাৰাৰ সম্পূৰ্ণ পোষ্টটো পঢ়িবলৈ তলৰ ইনষ্টাগ্ৰাম লিংকটোত ক্লিক কৰক-

তামাৰাই লগতে আৰু লিখিছে, "আপুনি আমাক সুৰক্ষিত, সুখী, মৰম আৰু ভাগ্যৱান অনুভৱ কৰাইছিল, পৃথিৱীত আপোনাৰ দৰে লোকৰ প্ৰয়োজন ৷ মই, নকুল আৰু মায়ে প্ৰতিদিনে কিবা এটা কৰো যাৰ জৰিয়তে আপোনাক গৌৰৱান্বিত কৰিব পাৰো আৰু আপোনাৰ শক্তি যাতে বিয়পি পৰে সেই চেষ্টা কৰো ৷ সদায় আপোনাক ভাল পাই থাকিম আৰু সদায়ে মনত পেলাও, মই জানো তুমি আমাৰ সৈতে আছা" ৷

বলীউডৰ বিখ্যাত গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ অলপতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে । কলকাতাৰ এটা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক (KK death) ।

লগতে পঢ়ক :পিতৃ দিৱসত প্ৰিয়ংকাই শ্বেয়াৰ কৰা মালতী-নিকৰ ফটোখনে আপোনাকো কৰি তুলিব আৱেগিক

ABOUT THE AUTHOR

...view details