চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ :সংগীতে আত্মাক তৃপ্তি প্ৰদান কৰে । 1940 ৰ দশকৰ পৰা 2000 ৰ দশকলৈকে প্ৰবীণ কণ্ঠশিল্পী প্ৰয়াত লতা মংগেশকাৰৰ সৃষ্টিৰাজিত সেইসমূহ সংগীতে প্ৰাণ পাই উঠিছিল যি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আজিও সমানে জনপ্ৰিয় হৈ আহিছে ৷
ভাৰতীয় সংগীত জগতলৈ লতাজীয়ে তেওঁৰ অৱদানৰ ফলত ভাৰতীয় নাইটিংগেল, কুইন অৱ মেল’ডি, দ্য ভইচ অৱ ইণ্ডিয়া আদি সন্মানীয় উপাধি লাভ কৰিছিল । লতা মংগেশকাৰৰ 93 সংখ্যক জন্ম জয়ন্তীত (Lata Mangeshkar birth anniversary) মন প্ৰফুল্লতি কৰা কণ্ঠশিল্পী গৰাকীৰ কেইটামান চিৰসেউজ গীত আগবঢ়ালোঁ-
তলত তেওঁ কণ্ঠদান কৰা কিছুমান শ্ৰেষ্ঠ হিট গীত উল্লেখ কৰা হ’ল (Lata Mangeshkar iconic songs)-
* Aye Mere Watan Ke Logo: 1963 চনৰ 26 জানুৱাৰীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানটিত 1962 চনত চীন-ভাৰত যুদ্ধৰ সময়ত মৃত্যু হোৱা ভাৰতীয় সৈন্যৰ স্মৃতিত কবি প্ৰদীপে ৰচনা কৰা আয়ে মেৰে ৱাতন কে ল'গ' শীৰ্ষক দেশপ্ৰেমমূলক গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে ।
* Hothon Main Aisi Baat, Jewel Thief (1967): জুৱেল থিফ (1967) হৈছে বিজয় আনন্দৰ দ্বাৰা পৰিচালিত এখন স্পাই থ্ৰিলাৰ চলচ্চিত্ৰ, য'ত দেৱ আনন্দ, বৈজয়ন্তীমালা আৰু অশোক কুমাৰে অভিনয় কৰিছিল । 'হোথন মে এইচি বাত' গানটোত ভূপিন্দৰ সিং আৰু লতা মংগেশকাৰে যুটীয়াভাৱে পৰিৱেশন কৰিছিল ।
* Aaj Phir Jeene Ki Tamanna, Guide (1965): শৈলেন্দ্ৰৰ দ্বাৰা লিখা আৰু এছ.ডি. বৰ্মনে ৰচনা কৰা আজ ফিৰ জীনে কি তামান্না নামৰ গাইড ছবিখনৰ থীম গানটো লতা মংগেশকাৰে গাইছিল ।
* Piya Tose, Guide (1965): একেখন চিনেমাতে মংগেশকাৰে ‘পিয়া তোসে’ গীতটিও গাইছিল যিটো বলীউডত এতিয়ালৈকে প্ৰযোজনা কৰা অন্যতম ৰোমান্টিক গীত হিচাপে পৰিগণিত হৈছে ।