চিটাৰা ডেস্ক, ২৮ ছেপ্টেম্বৰ:আজি ভাৰত ৰত্ন, কোকিল কণ্ঠী লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্মদিন । ক’ৰনা মহামাৰীত আক্ৰান্ত হৈ ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত এই পৃথিৱীৰ পৰা বিদায় লৈছিল সংগীত সম্ৰাজ্ঞীগৰাকীয়ে ৷ তেওঁ আজি আমাৰ মাজত নাই যদিও তেওঁৰ কণ্ঠই আজিও সকলোকে মুগ্ধ কৰি ৰাখিছে ৷
১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত এটা মধ্যবিত্ত মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰে পাঁচ বছৰ বয়সৰ পৰাই সংগীত শিকিবলৈ আৰম্ভ কৰিছিল । ভাৰত ৰত্ন বঁটা লাভ কৰা লতাজীয়ে ১৯৪২ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও মহল ছবিৰ ‘আয়েগা আনে ৱালা’ গীতটিৰ জৰিয়তেহে প্ৰকৃত স্বীকৃতি লাভ কৰিছিল । লতা মংগেশকাৰে ১৪ টা ভাষাত ৫০ হাজাৰৰো অধিক গীত গাইছিল । আজি কোকিল কণ্ঠীগৰাকীৰ জন্মদিনত জানো আহক তেখেতৰ লগত জড়িত কিছুমান নজনা কথা ৷
লতাই গান গাই থাকোতে মাতৃয়ে কিয়ং খং কৰিছিল ?
লতা মংগেশকাৰে বিশ্বাস কৰিছিল যে দেউতাকৰ বাবেই তেওঁ গায়িকা হ’ব পাৰিছিল ৷ কাৰণ দেউতাকে তেওঁক সংগীত শিকাইছিল । অৱশ্যে প্ৰথম অৱস্থাত লতা মংগেশকাৰৰ পিতৃ দীননাথ মংগেশকাৰে বহুদিনলৈ গমেই পোৱা নাছিল যে তেওঁৰ জীয়েকে গান গাব পাৰে । কাৰণ তেওঁ কেতিয়াও পিতৃৰ সন্মুখত গান গোৱা নাছিল ৷ আচলতে পিতৃৰ ওচৰত গাবলৈ ভয় খাইছিল লতাজীয়ে ৷ সেয়েহে, পাকঘৰত মাকক সহায় কৰিবলৈ অহা মহিলাসকলক গান গাই শুনাইছিল তেওঁ । তেতিয়া লতা মংগেশকাৰৰ মাতৃয়ে খং কৰি তেওঁক পাকঘৰৰ পৰা পঠিয়াই দিছিল ৷ কাৰণ লতাজীৰ গানত সেই মহিলাসকল ইমানেই সোমাই পৰিছিল যে, তেওঁলোকৰ কামৰ প্ৰতি মনোযোগ নাইকিয়া হৈ যায় ৷
সঁচা হ’ল পিতৃৰ ভৱিষ্যদ্বাণী
ইয়াৰ পিচত লতা মংগেশকাৰ আৰু ভনীয়েক মীনাই দেউতাকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰে । কিন্তু দেউতাকৰ পৰা বৰ বিশেষ দিন সংগীত শিকিব নোৱাৰিলে লতা মংগেশকাৰে ৷ কাৰণ কিছুদিন পিচতে মৃত্যু হয় দেউতাকৰ ৷ যেতিয়া সৰু ভাতৃ হৃদয়নাথৰ বয়স আছিল মাত্ৰ চাৰি বছৰ তেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হৈছিল ৷ অৱশ্যে দেউতাকে লতাজীক কণ্ঠশিল্পী হোৱা দেখা নাছিল যদিও তেওঁৰ মনত এটা ধাৰণা আছিল যে লতা মংগেশকাৰ এদিন সফল হ’ব ৷ কাৰণ লতা মংগেশকাৰৰ পিতৃ এজন জ্যোতিষীও আছিল । সেয়েহে, তেওঁ জানিছিল তেওঁৰ কন্যা এদিন বহু সফল হ’ব ৷