চিটাৰা ডেস্ক, 4 এপ্ৰিল :সোমবাৰে লাছ ভেগাছত অনুষ্ঠিত হয় 64 সংখ্যক গ্ৰেমি বঁটা বিতৰণী অনুষ্ঠান (Grammy awards 2022) ৷ উক্ত বঁটা বিতৰণী অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা নহ’ল ভাৰতৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক (In memorian section of grammy awards) ৷ ইয়াৰ পূৰ্বে 27 মাৰ্চত অনুষ্ঠিত হৈ যোৱা অস্কাৰৰ বঁটা বিতৰণী অনুষ্ঠানতো বাদ পৰি ৰৈছিল ভাৰত ৰত্ন গৰাকী ৷
বৰ্তমানে টুইটাৰত আলোচনা চলিছে ৰেকৰ্ডিং একাডেমীৰ ওপৰত ৷ দৰাচলতে এই ৰেকৰ্ডিং একাডেমীয়েই হলীউডৰ এই ডাঙৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে (Grammy awards latets updates) ৷ এনে এখন বৃহৎ মঞ্চত লতা মংগেশকাৰৰ দৰে চিৰসেউজ সংগীতশিল্পী এগৰাকীৰ নাম বাদ পৰি ৰোৱাটো নিশ্চয়কৈ আশ্বৰ্যৰ বিষয় ৷