চিটাৰা ডেস্ক, 17 এপ্ৰিল: বলীউডৰ তাৰকা ছলমান খান সম্প্ৰতি ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘‘কিচি কা ভাই কিছি কি জান’’ৰ প্ৰচাৰত ৷ এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গীল আৰু পলক তিৱাৰীয়ে (Salman Khan) ৷ আনহাতে, ছবিখনত দেখা পোৱা যাব ছলমান খান, পূজা হেগড়ে, ভূমিকা চাওলা, পলক তিৱাৰী, সিদ্ধাৰ্থ নিগম, ভিনালী, ভেংকটেশ ডাগ্গুবাটি, শ্বেহনাজ গীল, ৰাঘৱ জুৱাল, জাছি গীলক ৷ কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত শ্বেহনাজ গীল আৰু ৰাঘৱ জুৱালৰ সম্পৰ্কৰ সন্দৰ্ভত ইংগিত দিছিল ছলমান খানে ৷ ইয়াৰ পিচতে ছ’চিয়েল এই বিষয়ে ব্যাপক চৰ্চা হোৱা দেখা যায় ৷
শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনৰ সম্পূৰ্ণ দলৰ সৈতে ছলমান খান উপস্থিত হৈছিল কপিল শৰ্মা শ্ব’ত ৷ কপিল শৰ্মা শ্ব’ত তাৰকাগৰাকীয়ে পুনৰ শ্বেহনাজক মভ অন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ‘সিদনাজ’ৰ (অনুৰাগীয়ে সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজক দিয়া নাম) পৰা জীৱনত ‘মভ অন’ কৰিবলৈ শ্বেহনাজক আহ্বান জনায় ভাইজানে (The Kapil Sharma Show) ।
দ্য কপিল শৰ্মা শ্ব’ৰ চেটৰ পৰা বলীউডৰ ভাইজানৰ এটা ভিডিঅ’ দ্ৰুতগতিত শ্বেয়াৰ হৈছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱা ভিডিঅ’টোত ছলমানে ছ’চিয়েল মিডিয়াত "সিদনাজ" ট্ৰেণ্ড গঢ়ি তোলাৰ বাবে তেওঁৰ অনুৰাগীসকলক সমালোচনা কৰা দেখা (Shehnaaz Gili in Kapil Sharma Show ) । ট্ৰ’ল কৰা সকলক সম্বোধন কৰি অভিনেতাগৰাকীয়ে কয়, "ক্যা সিদনাজ লগা ৰখা হে?" তাৰকাগৰাকীয়ে আঙুলিয়াই দিয়ে যে, শেহতীয়াকৈ যেতিয়া ৰাঘৱৰ সৈতে শ্বেহনাজৰ ডেটিংৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰিছিল, তেতিয়া শ্বেহনাজক সেই একেখিনি মানুহেই ট্ৰ’ল কৰিছিল ।