চিটাৰা ডেস্ক, 18 অক্টোবৰ:সুখৰ সীমা নাই কৃতি সেননৰ । মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ‘মিমি’ ছবিখনত কৰা অসাধাৰণ অভিনয়ৰ বাবে কৃতি সেননক শ্ৰেষ্ঠ অভিনেতাৰ (মহিলা) বঁটাৰে সন্মানিত কৰা হয় । ছবিখনত অভিনেত্ৰীগৰাকীয়ে এগৰাকী চেৰ’গেট মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই বঁটা লাভ কৰাৰ পিচতে উৎফুল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ ৷ এই সন্মানীয় অনুষ্ঠানত তেওঁৰ পিতৃ-মাতৃও উপস্থিত আছিল । ইফালে বঁটা লাভ কৰাৰ পাচত কৃতিয়ে ইনষ্টাগ্ৰামত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে । মাক আৰু দেউতাকৰ সৈতে কৃতিয়ে শ্বেয়াৰ কৰিছে ছবি । এখন ছবিত পিতৃ-মাতৃৰ কোলাত বহি পদক আৰু চাৰ্টিফিকেট দেখুৱাই থকা দেখা গৈছে । লগতে কেপচনত লিখিছে, ‘‘এই অনুভৱক শব্দৰে প্ৰকাশ কৰাটো সহজ নহয় মোৰ বাবে । আজি মোৰ জীৱনৰ অন্যতম স্মৰণীয় দিন । নুপুৰ সেননক বহুত মিছ কৰিছো ।’’
পৰৱৰ্তী পোষ্টত কৃতিয়ে ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ মঞ্চত উঠা মুহূৰ্তৰ ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰে । এই পোষ্টটোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৃহৎ মুহূৰ্ত । বহুত মিছ কৰিলোঁ দিনু আৰু লক্ষ্মণ উট্টেকাৰ । বহুত বেছি ৷’’
মিমি ছবিখনৰ কাহিনী কি ?