চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: আজি জন্মাষ্টমী ৷ প্ৰত্যেক বছৰে সমগ্ৰ ভাৰততে শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ উৎসৱ পালন কৰা হয় । ইফালে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰিয় বিষয় হৈ আহিছে আৰু এই চৰিত্ৰটো প্ৰায়ে বিভিন্ন কাহিনীৰ জৰিয়তে পৰ্দাত দেখুৱাই নিৰ্মাতাসকলে । শ্ৰী কৃষ্ণৰ খেলা-ধূলাক চিত্ৰিত কৰি বহু ছবি আৰু ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে । জন্মৰ পৰা মহাভাৰতৰ যুদ্ধলৈকে কৃষ্ণৰ কাহিনীবোৰ অন্তৰ্ভুক্ত কৰা হয় ছবিসমূহত ৷ গতিকে আজি শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে জানো আহক এনে কিছুমান ছবিৰ বিষয়ে যিসমূহ শ্ৰী কৃষ্ণৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।
কৃষ্ণ সুদামা
১৯৭৬ চনত মুক্তি পোৱা এই ছবিখনৰ কাহিনীত ভগৱান কৃষ্ণৰ শৈশৱৰ বন্ধু সুদামাৰ জীৱন দেখুওৱা হৈছে ৷ সুদামা আছিল এজন দৰিদ্ৰ আৰু বহু বাধা অতিক্ৰম কৰি বন্ধু কৃষ্ণক লগ পায় । এই ছবিখন পৰিচালনা কৰিছিল নিতাই পালিটে । শান্তি স্বৰূপ, গোবিন্দ তেজ, ত্ৰিপুৰা মিশ্ৰই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।
শ্ৰী কৃষ্ণ লীলা
এই ছবিখনৰ কাহিনীত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ দুষ্ট মোমায়েক কংস পঠোৱা অসুৰৰ লগত যুঁজি নিজৰ গাঁৱৰ মানুহক ৰক্ষা কৰে । এই ছবিখন ১৯৭১ চনত মুক্তি পাইছিল । শ্ৰী কৃষ্ণ লীলা ছবিখন পৰিচালনা কৰিছিল হোমী ৱাডিয়াই ।
ভগৱান শ্ৰী কৃষ্ণ
এই ছবিখনৰ কাহিনীত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ মাতৃৰ অত্যাচাৰী মোমায়েকক হত্যা কৰা আৰু মহাভাৰত যুদ্ধত তেওঁৰ ভূমিকা দেখুওৱা হৈছে । ১৯৮৫ চনত মুক্তি লাভ কৰিছিল এই ছবিখন ৷ ইয়াৰ পৰিচালনা কৰিছিল ৰামকুমাৰ বহৰাই ।
শ্ৰী কৃষ্ণাৰ্জুন যুদ্ধ
এই ছবিখনৰ কাহিনীত হনুমান জী আৰু কুন্তীপুত্ৰ অৰ্জুনৰ মাজত হোৱা এক মাৰাত্মক যুদ্ধৰ চিত্ৰণ কৰা হৈছে । এই ছবিখন ১৯৭১ চনত মুক্তি পাইছিল । শ্ৰী কৃষ্ণৰ্জুন যুদ্ধ ছবিখন পৰিচালনা কৰিছিল বাবুভাই মিষ্ট্ৰীয়ে । ছবিখনত অভি ভট্টাচাৰ্য, জয়শ্ৰী গাডকাৰ, মহিপাল আৰু জীৱনে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।