চিটাৰা ডেস্ক, 20 নৱেম্বৰ:কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ কফি উইথ কৰণ ৮ বৰ্তমান চৰ্চাত । এতিয়ালৈকে শ্ব’টোৰ ৪ টা খণ্ড প্ৰকাশ পাইছে, যিবোৰ খণ্ড অনুৰাগীয়ে বহুত ভাল পাইছে । একে সময়তে শ্ব’টোৰ পৰৱৰ্তী খণ্ডটো অতি সোনকালে টেলিকাষ্ট হ’ব । ইয়াৰ প্ৰ’ম’ ইতিমধ্যেই মুকলি কৰিছে কৰণ জোহৰে ।
কৰণৰ এই শ্ব’টোৰ পৰৱৰ্তী অতিথি হৈছে বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা
এইবাৰ শ্ব’টোৰ পৰৱৰ্তী অতিথি হ’ব ‘Student of the year’ ছবিখনৰ দুই বন্ধু অৰ্থাৎ বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা । এই শ্ব’টোত দুয়োজনে যথেষ্ট আনন্দ কৰে, যাৰ আভাস প্ৰ’ম’টোত দেখা গৈছে । এই প্ৰ’ম’ ভিডিঅ’টোত কৰণ জোহৰে অভিনেতা সকলক আদৰণি জনোৱা দেখা গৈছে । য’ত তেওঁক কোৱা শুনা যায় যে আজি বিশ্বৰ দুগৰাকী পাৰফেক্ট স্বামী তেওঁৰ শ্ব’টোলৈ আহিছে ।