অসম

assam

ETV Bharat / entertainment

Jawan Star Cast Education: শ্বাহৰুখৰ পৰা নয়নতৰালৈকে, জৱানৰ তাৰকাসকলৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানি লওক - জৱান

মুক্তিৰ পিছৰে পৰা ছবিগৃহত আধিপত্য বিস্তাৰ কৰিছে জৱানে । ছবিখনত শ্বাহৰুখ খান, নয়নতৰা, বিজয় ছেঠুপথিৰ দৰে তাৰকাও আছে । এই ছবিখনৰ তাৰকা অভিনেতাসকলৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানি লওক এই প্ৰতিবেদনত ৷

Know Education Qualification Of Jawan Star Cast Here
জৱানৰ ষ্টাৰ কাষ্টৰ শিক্ষাগত অৰ্হতা

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 11:06 AM IST

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ: জৱানৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰাই গুগলত ছবিখনৰ সৈতে জড়িত বিভিন্ন তথ্য বিচাৰিছে দৰ্শকে ৷ কোনোবাই যদি ছবিখনৰ বাজেট বিচাৰি গুগলত চাৰ্চ কৰিছে, আন কোনোবাই আকৌ এই ছবিখনৰ তাৰকা অভিনেতা-অভিনেত্ৰীসকলৰ শিক্ষাগত অৰ্হতা জানিবলৈ চাৰ্চ কৰিছে গুগলত ৷ গতিকে আজি এই প্ৰতিবেদনত জানো আহক জৱানৰ তাৰকাসকলৰ শিক্ষা আৰু ডিগ্ৰীৰ বিষয়ে ।

শ্বাহৰুখ খান

জৱান ছবিখনত শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ অভিনেতাগৰাকীৰ প্ৰাথমিক শিক্ষা দিল্লীৰ ছেইণ্ট কলম্বাছ স্কুলৰ পৰা সম্পন্ন হৈছিল ৷ ইয়াৰ পিচত তেওঁ হন্সৰাজ কলেজৰ পৰা অৰ্থনীতি বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে । ইয়াৰ পিচত জামিয়া মিলিয়া ইছলামিয়াৰ পৰা মাচ কমিউনিকেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

নয়নতৰা

দক্ষিণৰ লেডী ছুপাৰষ্টাৰ অভিনেত্ৰী নয়নতৰা এইবাৰ শ্বাহৰুখ খানৰ সৈতে ছবি জৱানত অভিনয় কৰিছে । নয়নতৰাই ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে ।

বিজয় ছেঠুপথি

জৱান ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা, গীতিকাৰ, প্ৰযোজক আৰু সাহিত্যিক বিজয় ছেঠুপথিয়ে ৷ বিজয় ছেঠুপথি দক্ষিণ চিনেমাৰ ডাঙৰ নাম । তেওঁ কোডাম্বকমৰ এম জি আৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিছে আৰু বি.কম কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পিচত তেওঁ ডুবাইত একাউণ্টেণ্ট হিচাপেও কাম কৰিছিল ।

প্ৰিয়মণি

দক্ষিণৰ চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল প্ৰিয়মণিয়ে ২০০৩ চনত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল । শ্ৰী ঔৰবিন্দো মেম’ৰিয়েল স্কুলৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ খ্ৰীষ্টান ল’ কলেজৰ পৰা বি এ চাইক’লজী অধ্যয়ন কৰিছে ।

ৰিদ্ধি ডোগ্ৰা

ৰিদ্ধি ডোগ্ৰাই নৃত্যশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । দিল্লীত জন্মগ্ৰহণ কৰা ৰিদ্ধি ডোগ্ৰাই স্কুলীয়া শিক্ষা দিল্লীৰ পৰাই গ্ৰহণ কৰিছিল । দিল্লীৰ এ পি জে স্কুলৰ পৰাই স্কুলীয়া শিক্ষা লৈছিল ৷ ইয়াৰ পিচত কমলা নেহৰু মহাবিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতক ড্ৰিগ্ৰী লাভ কৰে ৷

সন্যা মালহোত্ৰা

দংগল ছবিৰে কেৰিয়াৰ আৰম্ভ কৰা সন্যা মালহোত্ৰাৰ জন্ম হৈছিল দিল্লীত । স্কুলীয়া শিক্ষা দিল্লীৰ ৰিয়ান ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা কৰিছিল । ইয়াৰ পিচত তেওঁ গাৰ্গী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।

লগতে পঢ়ক:Jawan box office collection day 1: ভাৰতত 75 কোটি টকাৰে যাত্ৰাৰম্ভ কৰা প্ৰথম হিন্দী ছবি হিচাপে পৰিগণিত জৱান

ABOUT THE AUTHOR

...view details