চিটাৰা ডেস্ক, 29 জুন:পাকিস্তানৰ বিখ্যাত জনপ্ৰিয় অভিনেত্ৰী মাহিৰা খানে বলীউডত তেওঁৰ অভিনয়েৰে অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰি থৈছে ৷ সৌন্দৰ্য আৰু শক্তিশালী অভিনয়ৰ সংমিশ্ৰণ মাহিৰা খান । অভিনেত্ৰীগৰাকী মুখ্যতঃ 'হামচফৰ' নামৰ তেওঁৰ টিভি অনুষ্ঠানৰ বাবে বিখ্যাত হৈছিল ।
মাহিৰা খানে RAEES বোলছবিখনেৰে বলীউডত ভৰি দিছিল ৷ শ্বাহৰুখ খানৰ বিপৰীতে মাহিৰাৰ অভিনয় সকলোৱে আদৰি লৈছিল ৷ মাহিৰাৰ অভিনয়ৰ চাপ আজিও আছে বলীউডত ৷
কৰাচীত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০৬ চনত VJ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । একে সময়তে গায়ক আতিফ আছলাম (২০১১)ৰ সৈতে ছোৱেব মনচুৰে পৰিচালিত কৰা 'বোল' চলচ্চিত্ৰখনৰ দ্বাৰা ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে । চিনেমাখন সেই সময়ৰ এখন হিট চিনেমা আছিল । কেৱল এয়াই নহয়, শ্ৰেষ্ঠ অভিনেত্ৰী (চলচ্চিত্ৰ)ৰ লাক্স ষ্টাইল বঁটাও মাহিৰাই লাভ কৰিছিল । মাহিৰাৰ চলচ্চিত্ৰ কেৰিয়াৰ যথেষ্ট সফল বুলি ক’ব পাৰি ।