অসম

assam

Kenny Basumatary Interview: কিয় FTII ত অধ্যয়নৰ সপোন আধৰুৱা হৈ ৰ’ল কেনী বসুমতাৰীৰ ?

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:56 PM IST

ৰে’ল যাত্ৰাত কাৰ পৰা চিনেমাৰ সন্দৰ্ভত অনুপ্ৰেৰণা লাভ কৰিছিল অভিনেতা কেনী বসুমতাৰীয়ে । কিয় FTIIত অধ্যয়নৰ সপোন আধৰুৱা হৈ ৰ’ল অভিনেতাগৰাকীৰ।'লোকেল কুংফু' নিৰ্মাণ কথা কেনেদৰে মনলৈ আহিল জনালে অভিনেতা তথা পৰিচালক কেনী বসুমতাৰীয়ে।

Know about Director Kenny Basumatary acting career
কেনেকৈ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল কেনীয়ে

কেনেকৈ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল কেনীয়ে

গুৱাহাটী, ২২ ছেপ্টেম্বৰ:অভিনেতা তথা পৰিচালক কেনী বসুমতাৰীয়ে ২০০৮ চন মানৰ পৰা প্ৰত্যক্ষভাৱে অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল যদিও অভিনয় যাত্ৰা আৰম্ভ হৈছিল শৈশৱৰ পৰাই। পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে বিদ্যালয়ত এখন নাটকত অভিনয় কৰিছিল । ষষ্ঠশ্ৰেণীত পঢ়ি থাকোতে তাহানিৰ বোম্বেলৈ গৈ থাকোতে এটা ৰে’ল যাত্ৰাত এগৰাকী ব্যক্তিক লগ পাইছিল অভিনেতাগৰাকীয়ে। ব্যক্তিগৰাকী তেতিয়া FTII ত প্ৰৱেশিকা পৰীক্ষাৰ বাবে গৈ আছিল । উভতি আহোতেই তেওঁ পুনৰ সেই ব্যক্তিগৰাকীক লগ পাইছিল ।

তেতিয়াৰে পৰাই সেই ব্যক্তিগৰাকীৰ সৈতে চিঠি যোগে যোগাযোগ কৰিছিল কেনী বসুমতাৰীয়ে । ব্যক্তিগৰাকীয়েও চিঠি যোগে বসুমতাৰীক চিনেমাৰ সন্দৰ্ভত বহু কথা জনাইছিল । যাৰ দ্বাৰা তেওঁ প্রেৰণা লাভ কৰিছিল আৰু FTII ত শিক্ষা লাভৰ সপোন জন্মিছিল । কিন্তু কিছু বাধাৰ বাবে সেই সপোন আধৰুৱা হৈ ৰ’ল । তাৰ পিচত ২০০৮ চনত বহু সপোন বুকুত বান্ধি মুম্বাইলৈ গৈছিল অভিনেতাগৰাকীয়ে।

মুম্বাইলৈ গৈ প্ৰথমে সৰু-সুৰা কিছু কামৰে আৰম্ভ কৰিছিল এই যাত্ৰা । ডাবিং, এডভাৰটাইজিং আদিৰ পৰা আৰম্ভ কৰি লাহে লাহে খোজ পেলাইছিল বলিউডত । তাৰ পিচতেই নিজেই এখন চিনেমা নিৰ্মাণৰ কথা ভাবিলে । এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা তেওঁৰ এক সাক্ষাৎকাৰত কয়,‘‘চিনেমাৰ এখন নিৰ্মাণ কৰাৰ কথা ভাবিছিলো যদিও, চিনেমা এখন নিৰ্মাণৰ বাবে বহু টকাৰ প্ৰয়োজন হয় আৰু ইমান টকা মোৰ নাছিল । সেয়ে DSLR কেমেৰা এটা লৈ মাইক এটা কিনি বন্ধু কেইজন তথা ভাতৃৰ লগত লগ লাগি "লোকেল কুংফু"ৰ কাম আৰম্ভ কৰিছিলোঁ । ২০১৩ ত মুক্তি প্ৰাপ্ত 'লোকেল কুংফু' ছবিখন অসমৰ লগতেই উত্তৰ পূৰ্বাঞ্চলৰ তথা ভাৰতৰে সমৰকলা কুংফুৰ আধাৰত নিৰ্মিত প্ৰথমখন চিনেমা । ’’

কুংফুৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ কথা কেনেদৰে মনত আহিছিল সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,‘‘ছবিখন নিৰ্মাণ কৰাৰ সময়ত আমি ভৱা নাছিলোঁ কি চলি আছে, কি চলা নাই । আমি কেৱল এখন হাস্যৰস মনোৰঞ্জনধৰ্মী ছবি নিৰ্মাণৰ কথা ভাৱিছিলোঁ । তেনেকৈ কাম আৰম্ভ কৰিলোঁ । ৰাইজে আঁকোৱালি ল’লে সেইটো আমাৰ সৌভাগ্য ।’’

লগতে পঢ়ক:Kenny Basumatary: লোকেল কুংফুৰ জৰিয়তে জনপ্ৰিয় হোৱা কেনী বসুমতাৰীয়ে কেনেদৰে খোজ পেলাইছিল বলিউডত ?

ABOUT THE AUTHOR

...view details