চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে গোটেই বিশ্বজুৰি মুক্তি লাভ কৰিলে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘জৱান’ ৷ ছবিখনৰ মুক্তিৰ লগে লগে ছবিগৃহত ভিৰ কৰিছে অনুৰাগীয়ে ৷ কেৱল অনুৰাগীয়েই নহয়, বহু তাৰকাইয়ো এই ছবিখন উপভোগ কৰিবলৈ উপস্থিত হৈছে ছবিগৃহত ৷ অনুৰাগী আৰু তাৰকাসকলে ছবিখন চাই প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ৷ মুঠৰ ওপৰত ছবিখনক লৈ সকলোৱে পঞ্চমুখৰ হোৱা দেখা গৈছে ৷
এই ক্ষেত্ৰত পিচ পৰি থকা নাই আই পি এলৰ তাৰকা ৰিংকু সিং ৷ ৰিংকু সিঙেও নিজৰ দলৰ অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী কিং খানৰ ছবিখন চাবলৈ উপস্থিত হয় ছবিগৃহত ৷ লগতে বেটছমেনগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে কেইখনমান ফটো ।
উল্লেখ্য যে অনুৰাগীসকলে বহুদিনৰে পৰা শ্বাহৰুখৰ ছবি ‘জৱান’ মুক্তিৰ বাবে অপেক্ষা কৰি আছিল । শ্বাহৰুখৰ অনুৰাগীৰ ভিতৰত নাম অন্তৰ্ভুক্ত আছে ৰিংকু সিঙৰ ৷ সেয়েহে, ৰিংকু সিঙে শ্বাহৰুখৰ আন অনুৰাগীৰ দৰেই প্ৰথম দিনাই শ্ব’টো উপভোগ কৰিবলৈ বহু আগতেই বুক কৰিছিল টিকট ৷ 7 ছেপ্টেম্বৰ বৃহস্পতিবাৰে ৰিংকুৱে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত দুখন ছবি শ্বেয়াৰ কৰে । প্ৰথম ছবিখনত 25 বছৰীয়া বেটছমেন ৰিংকুক ছবিখনৰ পোষ্টাৰৰ সৈতে দেখা গৈছে, দ্বিতীয়খন ছবিত তেওঁক চিনেমা হলত বহি পপকৰ্ণ খাই ছবি উপভোগ কৰা দেখা গৈছে ।
পোষ্টটো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে,