চিটাৰা ডেস্ক, 1 জুন :১১ টা ভাষাত গান গোৱা বিখ্যাত গায়ক কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কেৰ মৃত্যুত সমগ্ৰ ভাৰতীয় সংগীত জগত, চলচ্চিত্ৰ জগত আৰু দেশবাসী হতবাক হৈ পৰিছে । কে কেৰ অনুৰাগীসকলে বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ প্ৰিয় গায়কজন এতিয়া আৰু এই পৃথিৱীত নাই । সেমেকা চকুৰে অনুৰাগীসকলে মাথো চাই ৰৈছে ভাইৰেল ভিডিঅ’ সমূহ (KK viral video)।
কে কেই কলকাতাৰ নজৰুল মঞ্চত এক সংগীতানুষ্ঠানত অনুৰাগীসকলৰ মাজত সম্পূৰ্ণ উৎসাহেৰে গান গাই আছিল । হঠাতে অস্বস্তি অনুভৱ কৰাত মঞ্চৰ পৰা আঁতৰি আহিল সংগীত শিল্পীজন (KK latest news) ।
কনচাৰ্টৰ পৰা এতিয়া ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ এটা ভিডিঅ'ত গায়কজনক ঘামত তিতি থকা দেখা গৈছে । বাৰে বাৰে ৰুমালেৰে ঘাম মচিছে শিল্পীজনে ৷ ভিডিঅ'টোত কে কেই কৰ্মচাৰীসকলক সুধি থকাও দেখা গৈছে যে ইয়াত এয়াৰ কণ্ডিচনাৰ বা কুলাৰৰ কোনো ব্যৱস্থা নাই নেকি ? দৰাচলতে আকস্মিক গৰমৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁ মঞ্চৰ পৰা আঁতৰি আহিছিল (KK death reason) ।