চিটাৰা ডেস্ক, 1 জুন :ভাৰতীয় সংগীত তথা চলচ্চিত্ৰ জগতৰ সুপৰিচিত গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ চমুকৈ কে কেৰ মঙলবাৰে নিশা কলকাতাৰ এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত মৃত্যু হয় (KK singer news) । 53 বছৰ বয়সতো অতি উছাহেৰে তেওঁ অনুৰাগীসকলৰ মাজত গান গাই আছিল । হঠাতে গায়কজনে অস্বস্তি অনুভৱ কৰি মঞ্চৰ পৰা আঁতৰি আহে । সেই মূহুৰ্তৰেই এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে-
ভাইৰেল ভিডিঅ'টোত দেখা গৈছে, কে কে কেনেদৰে সংগীতানুষ্ঠানৰ পৰা অস্থিৰভাৱে ওলাই আহে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কেকে বুকুৰ বিষত ভুগিছিল আৰু তেওঁক চিএমআৰআই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ থকা হোটেলখনত নিয়ন্ত্ৰণহীন হৈ ঢলি পৰাতহে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ গায়কজন পৰি আঘাতপ্ৰাপ্তও হৈছিল ।
আনহাতে অন্য এটা ভিডিঅ'ত দেখা গৈছে যে অনুৰাগীসকলৰ মাজত সুন্দৰকৈ গান গাই থকাৰ মাজতে হঠাতে মঞ্চ এৰি উভতি আহে গায়কজন আৰু তাত উপস্থিত কৰ্মকৰ্তাই তেওঁক বাহিৰলৈ উলিয়াই আনে ৷