চিটাৰা ডেস্ক, 2 জুন:চিৰদিনৰ বাবে অন্য এখন জগতলৈ গুচি গ’লগৈ গায়ক কে কে ৷ পৰিয়াল, আত্মীয় আৰু বন্ধুবৰ্গৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ল ৷ শ্ৰেয়া ঘোষাল, অল্কা য়াগনিক, অভিজিত, চালিম মাৰ্চেণ্টকে আদি কৰি কেইবাজনো বিশিষ্ট সংগীত শিল্পীয়ে শোকাকুল পৰিৱেশত বিদায় জনালে জনপ্ৰিয় কণ্ঠশিল্পী কে কেক (KK last rites)৷
31 মে’ৰ নিশা কলকাতাৰ নজৰুল মঞ্চত সংগীত পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ অনুভৱ কৰে কে কেই ৷ তাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ আগতে তেওঁ থকা হোটেলখনলৈ লৈ যোৱা হয় য’ত নিয়ন্ত্ৰণ হেৰুৱাই মাটিত ঢলি পৰে শিল্পীগৰাকী ৷ তাৰ পিছত চিকিৎসালয়ত মৃত ঘোষণা কৰে তেওঁক (KK death reason) ৷
অনুষ্ঠান চলি থকা স্থানৰ পৰা বহুতো ছবি, ভিডিঅ‘ ভাইৰেল হৈছে য’ত কে কেক অস্বস্তিত থকা দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যেই পুলিচে এই অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ কে কে থকা হোটেলখনৰ মালিকপক্ষৰ সৈতেও কথা পতাৰ লগতে লগতে আৰক্ষীয়ে চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে ৷