চিটাৰা ডেস্ক, 31 মে’: আজিৰ (৩১ মে’) দিনটোতে পৃথিৱীৰ পৰা বিদায় লৈছিল ‘পল য়াদ আয়েংগে কল’ আৰু ‘তাড়াপ-তাড়াপ’ৰ দৰে চিৰসেউজ গীতেৰে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰা কে কে (Singer KK) ৷ আজি কে কেৰ প্ৰথম মৃত্যুবাৰ্ষিকী । ২০২২ চনৰ ৩১ মে’ত ক’লকাতাৰ এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি কৰুণ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পীগৰাকীয়ে । ইয়াৰ পিচতে অভিযোগ উত্থাপন হৈছিল কে কেই সংগীত পৰিৱেশন কৰা সংগীতানুষ্ঠানটোৰ উদ্যোক্তাৰ গাফিলতিৰ বাবেই মৃত্যু হৈছিল (KK 1st Death Anniversary) ৷ গতিকে কণ্ঠশিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত জানো আহক সেই ৫ টা ডাঙৰ ভুলৰ বিষয়ে যিটো কাৰণত তেওঁৰ মৃত্যু হৈছিল (KK Death Anniversary) ৷
প্ৰথম কাৰণ
সংগীতানুষ্ঠান অনুষ্ঠিত হোৱা হলটোৱেই আছিল কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ প্ৰথম কাৰণ (KK death reason)। দৰ্শকেৰে ভৰি থকা এই কনচাৰ্ট হলটোত এচিৰ কোনো সুবিধা নাছিল, আনহাতে কণ্ঠশিল্পীগৰাকীয়ে বাৰে বাৰে এই বিষয়ে অভিযোগ কৰিছিল ৷ সংগীত পৰিৱেশন কৰি থকাৰ সময় গৰমৰ বাবেই ঘামত তিতি গৈছিল কে কে । ইয়াৰ পিচতো সংগীত পৰিৱেশন কৰি গৈছিল কণ্ঠশিল্পীগৰাকীয়ে ৷
দ্বিতীয় কাৰণ
কে কেৰ মৃত্যুৰ দ্বিতীয় কাৰণ আছিল কনচাৰ্ট হলত অতিৰিক্ত দৰ্শকৰ উপস্থিতি । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৩ হাজাৰ লোকৰ ক্ষমতা থকা এই কনচাৰ্ট হলটোত কে কেৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল ৭ হাজাৰৰো অধিক দৰ্শক ।
তৃতীয় কাৰণ