অসম

assam

ETV Bharat / entertainment

কিলি পল কোন ? ইটোৰ পিচত সিটোকৈ অসমীয়া গীতত ভিডিঅ’ বনাই চৰ্চাত কিলি - Kili Paul

Kili paul dance on Assamese songs: ভৃগু কাশ্যপৰ জনপ্ৰিয় গীত ‘জান বুলি মাতিবলৈ’ আৰু প্ৰাণ দ্বীপৰ ‘যুদ্ধ’ গীতত নৃত্য প্ৰদৰ্শন কৰি অসমবাসীৰ হৃদয় জয় কৰিলে তাঞ্জানিয়াৰ কিলি পলে ৷ কিলি পলক ধন্যবাদ দুই কণ্ঠশিল্পীৰ ৷

Kili Paul won hearts of people of Assam by performing dance to many Assamese songs
অসমীয়া গীতত নৃত্য প্ৰদৰ্শন কৰি অসমবাসীৰ হৃদয় জিনিলে কিলি পলে

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 12:26 PM IST

Updated : Jan 11, 2024, 2:48 PM IST

গুৱাহাটী, 11 জানুৱাৰী: কিলি পল কোন ? যিয়ে ইটোৰ পিচত সিটোকৈ অসমীয়া গীতত নৃত্য পৰিৱেশন কৰি জিনিছে অসমবাসীৰ হৃদয় ৷ কিলি পলৰ বিষয়ে সবিশেষ জানক এই প্ৰতিবেদনত ৷

শেহতীয়াকৈ অসমীয়া গীতত নৃত্য প্ৰদৰ্শন কৰা কিলি পলৰ বহুকেইটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ তাৰে ভিতৰত অন্যতম হৈছে কণ্ঠশিল্পী ভৃগু কাশ্যপৰ জনপ্ৰিয় গীত ‘জান বুলি মাতিবলৈ’ আৰু কণ্ঠশিল্পী প্ৰাণ দ্বীপৰ ‘যুদ্ধ’ গীতটিত নৃত্য প্ৰদৰ্শন কৰি কিলি পলে জিনিছে অসমবাসীৰ হৃদয় ৷ এই ভিডিঅ’ দুটা সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱাৰ পিচতে কমেন্ট বক্সত অসমীয়া লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইফালে খোদ ভৃগু কাশ্যপে কিলি পলৰ ভিডিঅ’টোত কমেন্ট কৰি তেওঁৰ গীতত ভিডিঅ’ বনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে কিলিক ৷ কেৱল ভৃগু কাশ্যপেই নহয়, প্ৰাণ দ্বীপেও কিলি পলক ধন্যবাদ জ্ঞাপন কৰিছে ৷

কিলি পলৰ ভিডিঅ’ত অসমীয়াৰ প্ৰতিক্ৰিয়া

কিলি পলৰ ভিডিঅ’টোত এজন ব্যৱহাৰকাৰীয়ে লিখিছে- Love from Assam ৷ আন এজনে লিখিছে- প্ৰিয় গায়ক প্ৰাণ দ্বীপ দা আৰু কিলি পললৈ খুব মৰম ৷ আন এজনে লিখিছে- খুৱ সুন্দৰ, অসমৰ পৰা মৰম ৷

কিলি পল কোন ?

কিলি পল তাঞ্জানিয়াৰ এগৰাকী ছ’চিয়েল মিডিয়াৰ কন্টেন্ট ক্ৰিয়েটাৰ ৷ ২০২১ চনত ভগ্নী নীমা পলৰ সৈতে ইনষ্টাগ্ৰামত বলীউডৰ গীতত লিপ ছিংকিং কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে তেওঁ সমগ্ৰ বিশ্বতে বিশেষকৈ ভাৰতত জনপ্ৰিয় হৈ পৰিছিল । কন্টেন্ট ক্ৰিয়েটৰ হোৱাৰ লগতে কিলি পল এগৰাকী নৃত্যশিল্পীও ।

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিলি পলে কৈছিল, ‘‘তেওঁ সৰুৰে পৰা বলীউডৰ চিনেমা আৰু গীত ভাল পাইছিল । প্ৰথম অৱস্থাত তেওঁ অকলে ভিডিঅ’ বনাইছিল যদিও পিচলৈ তেওঁৰ সৰু ভগ্নী নিমা পলকো নিজৰ ভিডিঅ’ত লৈ লৈছিল । তেওঁ কৈছিল, ‘‘মই ভাৰতীয় চিনেমা চাই ডাঙৰ হোৱা বাবে বলীউডৰ চিনেমা মোৰ বৰ ভাল লাগে । বহুদিনৰ পৰা বলীউডৰ গান শুনি আহিছো । ইয়াৰ বাবেই মোৰ হিন্দী গীতৰ প্ৰতি আগ্ৰহ বাঢ়ি গ’ল । হিন্দী গান শুনিলে বৰ ভাল লাগে । কেৱল হিন্দী নহয়, ভাৰতৰ অন্যান্য ভাষাতো মই ভিডিঅ’ বনাই ভাল পাওঁ ৷’’

কিলি পল পেছাত এজন কৃষক

কিলি পলৰ ভগ্নী নীমা পলে কৈছিল, ‘‘মই হিন্দী বুজি নাপাওঁ, কিন্তু দিলৰ মানে হৃদয়ৰ দৰে কিছুমান শব্দ বুজি পাওঁ । ’’ কিলি পলে কয়, ‘‘মই তাঞ্জানিয়াত গৰুৰ সৈতে থাকো । মোৰ ওচৰত বহু বেছি গৰু নাই । মই এজন খেতিয়ক । আমি গৰুৰ লগত বাস কৰো । এয়াই মোৰ জীৱন । মোৰ তাত এটা মোবাইল ফোন । মই ইনষ্টাগ্ৰামত ট্ৰেণ্ডিং ৰিল চাওঁ । ভাৰতত কি ট্ৰেণ্ডিং হৈছে চাবলৈ ইউটিউব চাওঁ । তাত গান আৰু নৃত্যৰ ভিডিঅ’ চাওঁ ।’’

উল্লেখ্য যে, তাঞ্জানিয়াৰ ৰাজধানী দাৰ এছ চালামৰ ওচৰত বাস কৰা কৃষক কিলি হাবিলৈ ভেড়া, ছাগলী আৰু গৰু চৰাবলৈ যায় আৰু তাত থকাৰ সময়তে ভাৰতৰ বিভিন্ন গীতত ৰিল তৈয়াৰ কৰে আৰু ইনষ্টাগ্ৰামত আপলোড কৰে ।

গাঁৱত নাই বিদ্যুতৰ ব্যৱস্থা

কিলি আৰু নীমা তাঞ্জানিয়া এটা গ্ৰাম্য অঞ্চলত বাস কৰে, য’ত নাই বিদ্যুৎ ব্যৱস্থা । কিলিয়ে কয় যে তেওঁ ঘৰৰ পৰা ৮ৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত থকা এখন গাঁৱলৈ গৈ ফোন চাৰ্জ কৰে । তেওঁৰ এখন মটৰ চাইকেল আছে, যিখন চলাই মোবাইল চাৰ্জ কৰিবলৈ যায় ।

লগতে পঢ়ক:অক্ষয় কুমাৰ মিশ্ৰৰ জীৱন ভিত্তিক তথ্যচিত্ৰ তথ্যচিত্ৰ জীৱন তৃষ্ণাৰ শুভ মহুৰত সম্পন্ন

Last Updated : Jan 11, 2024, 2:48 PM IST

ABOUT THE AUTHOR

...view details