চিটাৰা ডেস্ক, 23 ফেব্ৰুৱাৰী:বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী হৈছে কিয়াৰা আদৱানী । বৰ্তমান সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ আছে Sid-Kiaraৰ বিবাহ ৷ সকলোৰে মুখত মাথো Sid-Kiaraৰে কথা ৷ ইতিমধ্যে সকলোৱে জ্ঞাত যে, ৭ ফেব্ৰুৱাৰীত কিয়াৰাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হয় শ্বেৰশ্বাহ যুটি Sid-Kiara ।
দিল্লী আৰু মুম্বাইত জনপ্ৰিয় দম্পতীহালে গ্ৰেণ্ড ৰিচেপচন আয়োজন কৰে । সকলো অনুষ্ঠানৰ অন্তত দম্পতীহালে নিজৰ বিবাহৰ সুন্দৰ ছবি ছচিয়েল মিডিয়াত অবিৰতভাৱে শ্বেয়াৰ কৰি আছে(Kiara Advani wishes Mom)।
ইয়াৰ মাজতে কিয়াৰাই আজি ছ'চিয়েল মিডিয়াযোগে তেওঁৰ বিবাহৰ সময়ৰ কিছু ছবি শ্বেয়াৰ কৰে ৷ য'ত তেওঁ আৰু তেওঁৰ মাতৃক একেলগে দেখিবলৈ পোৱা গৈছে ৷ দৰাচলতে আজি কিয়াৰা আদৱানীৰ মাতৃ জেনেভিভ আদৱানীৰ জন্মদিন ৷ সেয়ে ইনষ্টাগ্ৰামযোগে মাতৃক জন্মদিনৰ শুভেচ্ছা জনালে কিয়াৰাই । এই ছবিবোৰত দেখা গৈছে মাতৃ আৰু কন্যাৰ বিশেষ বন্ধন(Kiara wishes Mom Birthday)।
শেহতীয়াকৈ কিয়াৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ বিয়াৰ কিছুমান নতুন ছবি শ্বেয়াৰ কৰিছে যিসমূহ এতিয়ালৈকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা নাছিল(Kiara Mom birthday)। কিয়াৰাই তেওঁ ধুনীয়া মাতৃ জেনেভিভ আদৱানীৰ সৈতে সুন্দৰ ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাই অভিনেত্ৰীগৰাকীয়ে কেপচনত হাৰ্ট ইমোজিৰে লিখি যে, Happy Birthday to Mumma, my lovely, careing, praying mother, তোমাৰ ছোৱালী বুলি মই নিজকে ধন্য বুলি গণ্য কৰোঁ(Kiara wishes Mom Genevieve Advani birthday)।