অসম

assam

ETV Bharat / entertainment

Kiara Advani Wagah Border: বি এছ এফৰ জোৱানক সাক্ষাৎ কিয়াৰা আডৱানীৰ, ৱাগাহ সীমান্তত ত্ৰিৰংগা উত্তোলন অভিনেত্ৰীগৰাকীৰ

ৱাগাহ সীমান্তত বি এছ এফৰ জোৱানৰ সৈতে সময় কটালে কিয়াৰা আডৱানীয়ে ৷ চাওক ফটো ৷

By

Published : Aug 15, 2023, 5:42 PM IST

Kiara Advani met BSF jawans wrote this beautiful thing
ৱাগাহ সীমান্তত বি এছ এফৰ জোৱানৰ সৈতে সময় কটায় কিয়াৰা আদৱানীয়ে

চিটাৰা ডেস্ক, 15 আগষ্ট: অভিনেত্ৰী কিয়াৰা আডৱানীয়ে কিছুদিনৰ পৰা নিজৰ এখন ছবি শ্বুটিঙৰ বাবে মুম্বাইৰ পৰা আঁতৰত পঞ্জাৱত আছে । পাঞ্জাৱত স্বাধীনতা দিৱস উপলক্ষে অভিনেত্ৰীগৰাকী বি এছ এফৰ জোৱানসকলক লগ কৰিবলৈ উপস্থিত হৈছিল আটাৰীৰ ৱাগাহ সীমান্তত । ইতিমধ্য়েই আটাৰীৰ ৱাগাহ সীমান্তৰ পৰা অভিনেত্ৰীগৰাকীৰ কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে ।

আটাৰী সীমান্ত পালেগৈ কিয়াৰা

দেওবাৰে সন্ধিয়া অমৃতসৰত উপস্থিত হোৱা কিয়াৰা আডৱানীয়ে প্ৰথমে আটাৰী সীমান্তত জোৱানসকলৰ পেৰেড অনুষ্ঠানত অংশ লয় ৷ এই ​​অনুষ্ঠানত জোৱানসকলৰ সৈতে অভিনেত্ৰীগৰাকীয়ে ফটোত পোজ দিয়াও দেখা যায় ৷ য’ত অভিনেত্ৰীগৰাকীয়ে ভিন্ন ভংগীমাৰে পোজ দিয়া দেখা যায় ৷ এখন ফটোত কিয়াৰাক কমাণ্ডো লুকত বি এছ এফৰ জোৱানৰ সৈতে সীমান্ত ভ্ৰমণ কৰা দেখা গৈছে । আচলতে কিয়াৰা এদিনৰ বিশেষ শ্বুটিঙৰ বাবে অমৃতসৰ উপস্থিত হৈছে, য’ত কিয়াৰাই গোটেই দিনটো বি এছ এফৰ জোৱানৰ সৈতে কটায় ।

কিয়াৰাই নিজৰ নামেৰে এজোপা গছ ৰোপণ কৰে

এইবাৰ এক লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বি এছ এফে । কিয়াৰা আডৱানীয়েও এই অভিযানত অংশগ্ৰহণ কৰে ৷ সীমান্তত বি এছ এফৰ জোৱানসকলৰ সৈতে কিয়াৰাই নিজৰ নামত এজোপা গছ ৰোপণ কৰে । বি এছ এফৰ জোৱানৰ লগত এটা দিন কটাই সুখী হয় কিয়াৰা ।

গভীৰ নিশা মুম্বাইত উপস্থিত হয় অভিনেত্ৰী

গভীৰ নিশা কিয়াৰা আডৱানীক দেখা গ’ল মুম্বাই বিমানবন্দৰত । এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক সেউজীয়া আৰু বগা ৰঙৰ চুট পৰিধান কৰা দেখা যায় ৷ বিমানবন্দৰত উপস্থিত হৈ কিয়াৰা আডৱানীয়ে পেপছৰ সন্মুখত ফটোৰ বাবে পোজ দিয়ে।

লগতে পঢ়ক:Independence Day Wishes: মহেশ বাবুৰ পৰা কংগনা ৰাণাৱটলৈকে, এইসকল চেলিব্ৰিটিয়ে ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱস

লগতে পঢ়ক:Fighter Motion Poster: স্বাধীনতা দিৱস উপলক্ষে মুকলি ফাইটাৰৰ ম’চন পোষ্টাৰ, শক্তিশালী ৰূপত দেখা গ’ল হৃতিক, দীপিকা আৰু অনিল কাপুৰ

ABOUT THE AUTHOR

...view details